মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 10, 2022
6:17PM

৫ গৰাকী ভাৰতীয় পুৰুষ বক্সাৰে এছিয় বক্সিং চেম্পিয়নশ্বীপৰ নিজ নিজ শিতানৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব

newsonair.gov.in
৫ গৰাকী ভাৰতীয় পুৰুষ বক্সাৰে আজি জৰ্দানৰ ৰাজধানী আম্মানত অনুষ্ঠিত এছিয় বক্সিং চেম্পিয়নশ্বীপৰ নিজ নিজ শিতানৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। ছেমি ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া বক্সাৰ কেইগৰাকীৰ ভিতৰত শিৱ থাপা, মহম্মদ হুছামুদ্দিন, নৰেন্দ্র, সুমিত আৰু গোবিন্দ আছে।
        ইপিনে, ভাৰতৰ লাভলীনা বৰগোহাঁই, অস্ফিয়া পাঠান, মীনাক্ষি আৰু পৰৱীনে কালি এই প্রতিযোগিতাৰ মহিলাৰ শিতানৰ ফাইনেলত প্ৰৱেশ কৰে। অৱশ্যে ভাৰতৰ আন দুগৰাকী বক্সাৰ অংকুশিতা বড়ো আৰু প্ৰীতি নিজ নিজ শাখাৰ ছেমি ফাইনেলত পৰাভূত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।
        মহিলা শিতানৰ ফাইনেল খেলসমূহ কাইলৈ আৰু পুৰুষ শিতানৰ ফাইনেল খেলসমূহ পৰহিলৈ অনুষ্ঠিত হ'ব। ভাৰতে এইবাৰৰ এছিয় বক্সিং প্রতিযোগিতাত ১২টা পদক নিশ্চিত কৰিছে। এই প্রতিযোগিতাত ২৭ খন দেশৰ ২৬৭ গৰাকী বক্সাৰে অংশগ্রহণ কৰিছিল।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1