মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
8:11PM

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত বৰ্তমানলৈকে ৫টা সোণ, ৫টা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে চতুৰ্দশ স্থানত অসম

File Photo
গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত ছার্ভিছেজে ৩৯টা সোণ, ২৪টা ৰূপ আৰু ২৩টা ব্ৰজসহ মুঠ ৮৬টা পদকেৰে পদক তালিকাৰ শীৰ্ষত আছে। হাৰিয়ানাই এই পর্যন্ত ২৪ টা সোণ, ২২টা ৰূপ আৰু ১৯টা ব্ৰঞ্জসহ মুঠ ৬৫টা পদক লাভ কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে মহাৰাষ্ট্ৰই ২০টা সোণ, ১৭টা ৰূপ আৰু ৩৫টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থানত আছে। প্রতিযোগিতাত অসমে এতিয়ালৈকে ৫টা সোণ, ৫টা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তলিকাৰ চতুৰ্দশ স্থানত আছে। কালি ২০০ মিটাৰ দৌৰত অসমৰ অম্লান বৰগোহাঁই স্বর্ণ জয় কৰাৰ লগতে একেটা ইভেণ্টৰে মহিলাৰ শাখাত হিমা দাসে ৰূপৰ পদক লাভ কৰে। আনহাতে নাকত আঘাতৰ বাবে ৰাষ্ট্ৰীয় ক্রীড়াত ভাগ লোৱাৰ ক্ষেত্ৰত অনিশ্চিয়তাত থকা অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইক চিকিৎসকে খেলত ভাগ লোৱাৰ বাবে সেউজ সংকেট প্রদান কৰিছে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী লাভলীনাৰ প্ৰত্যাৱৰ্তনে ৰাজ্যৰ ক্ৰীড়া প্ৰেমীলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে। জ্যোতি য়াৰাজিয়ে কালি মহিলাৰ ১০০ মিটাৰ বাধা দৌৰ ১৩ ছেকেণ্ডতকৈ কম সময়ত সম্পূৰ্ণ কৰি সোণৰ পদক অৰ্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ জ্যোতি য়াৰাজিয়ে ১২.৭৯ ছেকেণ্ডত এই দৌৰ সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে খেলুৱৈগৰাকী ১৩ ছেকেণ্ডতকৈও কম সময়ত এই দৌৰ সম্পূৰ্ণ কৰা দেশৰ প্ৰথমগৰাকী মহিলাৰৰূপে পৰিগণিত হয়। জ্যোতি য়াৰাজিয়ে ইয়াৰ পূৰ্বে দ্যুতি চান্দ আৰু হিমা দাসৰ দৰে প্ৰতিষ্ঠিত দৌৰবিদক পৰাস্ত কৰি মহিলাৰ ১০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰিছিল।
        ইপিনে আৰ্চাৰীত কালি গুজৰাটৰ অমিতা ৰাৱাই ব্যক্তিগত শিতানত ৰূপৰ পদক লাভ কৰাৰ লগতে দলীয় শিতানত ব্ৰঞ্জৰ পদক হস্তগত কৰে। গোংগাম্বা জিলাৰ যুৱ খেলুৱৈগৰাকী সোণৰ পদকৰ খেলত মণিপুৰৰ অক্রাম নাওবি চানুৰ হাতত পৰাজিত হয় এইবাৰ ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতা গুজৰাটৰ ছখন চহৰত অনুষ্ঠিত হৈছে। ১২ অক্টোবৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1