মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 04, 2022
8:12PM

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত ছার্ভিছেজে মুঠ ৮২টা পদকেৰে পদক তালিকাৰ শীৰ্ষত

File Photo
গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া প্রতিযোগিতাত ছার্ভিছেজে ৩৭টা সোণ, ২৩টা ৰূপ আৰু ২২টা ব্ৰজসহ মুঠ ৮২টা পদকেৰে পদক তালিকাৰ শীৰ্ষত আছে। হাৰিয়ানাই এই পর্যন্ত ২৩ সোণ, ২২টা ৰূপ আৰু ১৮টা ব্ৰঞ্জসহ মুঠ ৬৩টা পদক লাভ কৰি দ্বিতীয় স্থানত থকাৰ বিপৰীতে উত্তৰ প্রদেশে ১৮ সোণ, ১২টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থানত আছে। প্রতিযোগিতাত অসমে এতিয়ালৈকে ৫টা সোণ, ৫টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তলিকাৰ ত্ৰয়োদশ স্থানত আছে।
        প্ৰতিযোগিতাত আজি অসমৰ অম্লান বৰগোঁহাইয়ে পুৰুষৰ ২০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰে। ইফালে মহিলাৰ ২০০ মিটাৰ দৌৰত অৰ্চনা সুচীন্দ্ৰনে সোণৰ পদক লাভ কৰাৰ বিপৰীতে অসমৰ হিমা দাসে ৰূপৰ পদক লাভ কৰে। তামিলনাডুৰ ভিথ্যাই মহিলা ৪০০ মিটাৰ হাৰ্ডোৰ্লছত ৫৬.৫৮ ছেকেণ্ডৰে এটা নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰে। ইফালে পুৰুষৰ ৪০০ মিটাৰ হাৰ্ডোৰ্লছত ছাৰ্ভিছেজৰ সন্তোষ কুমাৰ টিয়ে ৪৯.৪৯ ছেকেণ্ডেৰে নতুন ৰাষ্ট্ৰীয় অভিলেখেৰে সোণৰ পদক লাভ কৰে। ছাৰ্ভিছেজৰ মহম্মদ আফজলে পুৰুষৰ ৮০০ মিটাৰ মিটাৰ দৌৰত সোণ লাভ কৰাৰ বিপৰীতে মহিলাৰ একেটা শাখাত দিল্লীৰ চন্দ্ৰা কে এমে সোণৰ পদক লাভ কৰে। পুৰুষৰ ৩৫ কিল'মিটাৰ ৰেচ ৱাকত উত্তৰ প্ৰদেশৰ ৰাম বাবুৱে সোণৰ পদক লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত উত্তৰাখণ্ডৰ প্ৰতিযোগীয়ে সোণৰ পদক লাভ কৰে। আৰ্চাৰীৰ পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ শাখাত ঝাৰখণ্ডৰ গোল্ডী মিশ্ৰই সোণৰ পদক লাভ কৰে। আৰ্চাৰীৰ পুৰুষৰ দলগত শাখাত ৰাজস্থানে নাগালেণ্ডক ৩-১ৰ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ইফালে মহিলাৰ শাখাত গুজৰাটে ঝাৰখণ্ডক ৫-৩ৰ ব্যৱধানত পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰোত্তলনত ছাৰ্ভিছেজৰ বিপান কুমাৰে ১০৯ কেজি উৰ্ধৰ শাখাত সোণ লাভ কৰাৰ বিপৰীতে মহিলাৰ ৮৭ কেজি উৰ্ধৰ শাখাত উত্তৰ প্ৰদেশৰ পূৰ্ণিমা পাণ্ডে সোণ লাভ কৰে। মহাৰাষ্ট্ৰই ওড়িশাক ২ পইণ্টৰ ব্যৱধানত পৰাজিত কৰি খো-খোৰ সোণৰ পদক লাভ কৰে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1