মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
8:08PM

২০২২ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা ঘোষণা

File Photo
এলেইন এছপেক্ট, জন এফ ব্লুজাৰ আৰু এণ্টন জেলিংগাৰলৈ কোৱাণ্টাম বল বিজ্ঞান সম্পৰ্কীয় গৱেষণামূলক কামৰ বাবে ২০২২ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে। ছুইডিছ একাডেমী অব ছায়েন্সেছে আউল লগা ফটন সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাৰ বাবে বে'ল অসমতা লংঘন প্রতিষ্ঠা আৰু কোৱান্টাম তথ্য বিজ্ঞানৰ ক্ষেত্ৰত গ্ৰহণ কৰা অগ্রগামী ভূমিকাৰ বাবে বিজ্ঞানী তিনিগৰাকীক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এলেইন এছপেক্ট এগৰাকী ফৰাচী, এণ্টন জেলিংগাৰ অষ্ট্ৰিয়াৰ আৰু জন এফ ক্লজাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী। তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষাৰ ফলাফলে কোৱাণ্টাম তথ্য বিজ্ঞানৰ ক্ষেত্ৰত নতুন প্রযুক্তিৰ পথ মুকলি কৰিছে বুলি একাডেমীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ৰসায়ন বিজ্ঞানৰ বাবে চলিত বৰ্ষৰ ন'বেল পুৰস্কাৰ আজি, সাহিত্যৰ বাবে কাইলৈ আৰু শান্তিৰ ক্ষেত্ৰত শুকুৰবাৰে এই বঁটা ঘোষণা কৰা হ'ব। 

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1