মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ            খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ            স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ            শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক            গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক           

Jan 30, 2023
8:17PM

১৯ বছৰ অনুৰ্ধৰ টি-২০ বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় মহিলা ক্রিকেট দলক অভিনন্দন ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ

@ICC
ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ১৯ বছৰ অনুৰ্ধৰ টি-২০ বিশ্বকাপ জয় কৰাৰ বাবে ভাৰতীয় মহিলা ক্রিকেট দলক অভিনন্দন জ্ঞাপন কৰিছে। এটা টুইট বার্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয় যে প্রতিভাশালী ছোৱালীসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে আৰু তেওঁলোক দেশৰ যুৱচামৰ বাবে বিশেষকৈ ছোৱালীসকলৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁ কয় যে এই ঐতিহাসিক জয়ে ভাৰতক গৌৰৱান্বিত কৰিছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা টুইট বার্তাত কয় যে ভাৰতত ক্ৰিকেটৰ ভৱিষ্যত্ৰ বাবে দলটোৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰয়াসৰ বাবে দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতীয় দলৰ এই বিশেষ জয়ৰ বাবে শুভেচ্ছা জনাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইট বার্তাত কয় যে মহিলা খেলুৱৈসকলে অভিনৱ খেল প্রদর্শন কৰে আৰু তেওঁলোকৰ সফলতাই নৱাগত খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব। তেওঁ লগতে মহিলা ক্রিকেট দলটোক ভৱিষ্যতৰ বাবে শুভ কামনা জনায়। 

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1