A-
A
A+
সৰ্বশেষ :
Mar 23 2023 9:51PM
স্ক্ৰিন ৰিডাৰৰ উপলভ্যতা
Select Languange/ভাষা বাছনি
English/ইংৰাজী
Hindi/হিন্দী
Marathi/মাৰাঠী
Gujarati/গুজৰাটী
Urdu/উৰ্দু
Tamil/তামিল
Dogri/ডোগৰি
Assamese/অসমীয়া
Rajasthani/राजस्थानी
হোম পে’জ
মুখ্য বাতৰি
এছিয়ান খো খো চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতৰ মহিলা আৰু পুৰুষ দলৰ
          
ৰাহুল গান্ধীক বিতর্কিত মোদী উপাধি মন্তব্যৰ বাবে দোষী সাব্যস্ত আদালতৰ
          
মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত নিতু ঘনঘাছ, লাভলীনা বৰগোহাঁই, নিখাট জাৰিন আৰু ছুইটী বুৰা
          
২০২৩ বৰ্ষৰ পদ্ম সন্মানসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ
          
বিহাৰৰ ৰাজ্য গঠন দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ শুভেচ্ছা
          
Feb 02, 2023
,
6:58PM
সাধাৰণ বাজেটক প্রগতিশীল, পৰিণামদর্শী আৰু বিকাশমুখী আখ্যা বিনিয়োগকাৰীৰ
AIR
আগশাৰীৰ ঔদ্যোগিক নিকায় আৰু বিনিয়োগকাৰীসকলে ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেটক প্রগতিশীল, পৰিণামদর্শী আৰু বিকাশমুখী বুলি আখ্যা দি ইয়াক আদৰণি জনাইছে। ফিক্কী- এফ আই চি চি আইৰ অধ্যক্ষ সুভ্রকান্ত পাণ্ডাই কৈছে যে ভাৰত হৈছে বিশ্বৰ পঞ্চম বৃহৎ অর্থনৈতিক দেশ। এই বাজেটখন কেৱল দেশৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ ই ভাৰতক বিশ্বৰ বিকাশৰ ইঞ্জিনৰ দিশ হিচাপে আগবঢ়াই নিয়াৰ পদক্ষেপ স্বৰূপ। চি আই আইৰ অধ্যক্ষ সঞ্জীৱ বাজাজে বাজেটখনক বিকাশমুখী বুলি অভিহিত কৰিছে। তেওঁ কয় যে, ইয়াৰদ্বাৰা সাৰ্বজনীন পুঁজিগত ব্যয়ত ৩৩ শতাংশ বৃদ্ধিৰ দ্বাৰা কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সহায়ক হ'ব। Assocham ৰ অধ্যক্ষ সুমন্ত সিনহাই কয় যে এই বাজেটে সুগমভাৱে বেপাৰ-বাণিজ্য কৰাত সহায় কৰাৰ লগতে Assocham ৰ ক্ষেত্ৰখনক সহায় কৰিব। আনহাতে, কংগ্ৰেছে কৰ কৰ্তন সন্দৰ্ভত কৰা ঘোষণাক প্ৰশংসা কৰিছে। সংসদৰ বাহিৰত মিডিয়াৰ সৈতে হোৱা কথা-বতৰাত দলৰ সাংসদ কার্তি চিদাম্বৰমে কয় যে কৰ কৰ্তনৰ যিকোনো পদক্ষেপ আদৰণীৰ যোগ্য। দলৰ সাংসদ শশী থাকৰেও কেন্দ্ৰীয় বাজেটৰ কিছুমান বিষয় ভাল বুলি মন্তব্য কৰিছে। তেওঁ অৱশ্যে কৈছে যে বাজেটত এম জি এনৰেগা, কর্মসংস্থাপন হীনতা আৰু মুদ্রাস্ফীতি সন্দৰ্ভত একো উল্লেখ কৰা হোৱা নাই। কালি সংসদত উত্থাপন কৰা বাজেট সন্দৰ্ভত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে সকলো চৰকাৰী সংস্থাত ডিজিটেল প্ৰণালী প্রয়োগৰ বাবে পেন কাৰ্ড ব্যৱহাৰৰ প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰদ্বাৰা কে ওৱাই চি প্ৰক্ৰিয়া সৰল হোৱাৰ লগতে আয়কৰ বিভাগৰ লগতে অন্য চৰকাৰী সংস্থাৰ বাবে পেন কাৰ্ড ধাৰকসকলৰ নথি পৰিচালনা কৰাত সহজলভ্য হ'ব। চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ব্যয় ৬৬ শতাংশ বৃদ্ধি কৰি ৭৯ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰিছে। ইফালে, নতুনকৈ নিৰ্মাণ কৰা আন্তঃগাঁথনি বিত্ত সচিবালয়ে ৰাজহুৱা বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল ৰে'লৱে, বাট-পথ, চহৰৰ আন্তঃগাঁথনি আৰু শক্তিৰ উন্নয়নত অৰিহণা যোগাব ।
আনুসংগিক বাতৰি
বাজেটত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগতে চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ বাবে পুঁজি আবণ্টন
বাজেটত ৰে’ল বিভাগৰ বাবে ১,১০,০০০ হাজাৰ কোটি টকাৰ আৱণ্টন
বাজেটত উত্তৰ-পূৱ সীমান্ত ৰে'লৱলৈ মুঠ ১০ হাজাৰ ৯৮৮ কোটি টকা আৱণ্টন
সংসদত আজি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট উত্থাপন
মধ্যবিত্তক সামান্য সকাহেৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন
২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক অমৃত কালৰ প্ৰথম বাজেট বুলি অভিহিত প্ৰধানমন্ত্ৰীৰ
২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত ১০ লাখ কোটি টকাৰ মূলধনী বিনিয়োগৰ ঘোষণা
লাইভ টুইটাৰ ফিড
সাম্প্ৰতিক বতৰ
As on-24 Nov 2021
মহানগৰ
সৰ্বোচ্চ
o
C
সৰ্বনিম্ন
o
C
দিল্লী
26.7
9.2
মুম্বাই
34.0
23.0
চেন্নাই
32.4
25.0
কলকাতা
30.9
20.7
বাংগালুৰু
29.8
20.1