মুখ্য বাতৰি
এছিয়ান খো খো চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতৰ মহিলা আৰু পুৰুষ দলৰ            ৰাহুল গান্ধীক বিতর্কিত মোদী উপাধি মন্তব্যৰ বাবে দোষী সাব্যস্ত আদালতৰ            মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত নিতু ঘনঘাছ, লাভলীনা বৰগোহাঁই, নিখাট জাৰিন আৰু ছুইটী বুৰা            ২০২৩ বৰ্ষৰ পদ্ম সন্মানসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ            বিহাৰৰ ৰাজ্য গঠন দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ শুভেচ্ছা           

Feb 02, 2023
6:50PM

সংসদৰ উভয় সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত

Sansad TV
আদানী গোট সন্দৰ্ভত হিন্দেনবার্গ ৰিচাৰ্ছ নামৰ বিনিয়োগ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিবেদন আৰু ভাৰতীয় ষ্টক বজাৰত ইয়াৰ প্ৰভাৱসহ অন্যান্য বিষয় লৈ বিৰোধী বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভাত মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, টি এম চিকে ধৰি বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি যায় আৰু বিষয়টোৰ তদন্তৰ দাবী জনায়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ আৰু সদনৰ মৰ্যাদা বৰ্তাই ৰাখিবলৈ বাৰে বাৰে আহ্বান জনায় যদিও প্ৰতিবাদৰত সদস্যসকলে অধ্যক্ষৰ আহ্বানৰ প্ৰতি কাণসাৰ নিদিয়াত সদনৰ কাৰ্যক্ৰমনিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।
ৰাজ্যসভাতো একেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। বিৰোধী পক্ষৰ কেইবাগৰাকীও সাংসদে ভাৰতীয় জীৱন বীমা নিগম- এল আই চি, ৰাজহুৱা খণ্ডৰ একাধিক বেংক আৰু বিত্তীয় প্রতিষ্ঠানে বজাৰ মূল্যৰ হেৰুওৱা বিভিন্ন কোম্পানীত বিনিয়োগৰ বিষয়টো লৈ আলোচনা কৰাৰ বাবে সভাস্থগন প্ৰস্তাৱৰ জাননী দিছিল যদিও সভাপতি জগদীপ ধনখড়ে যথোচিত প্ৰক্ৰিয়াৰে উত্থাপন নকৰাৰ বাবে এই জাননী খাৰিচ কৰে। ইয়াৰ প্ৰতিবাদত কংগ্ৰেছ, ডি এম কে, টি এম চি, আম আদমী পার্টি, সমাজবাদী পাৰ্টী, বাওঁ দল আৰু বিৰোধী পক্ষৰ অন্য দলৰ সদস্যসকলে সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সভাপতিয়ে সদস্যসকলক শৃংখলা বৰ্তাই ৰখাৰ বাবে আহ্বান জনায় যদিও পৰিস্থিতি উন্নত নোহোৱাত সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখা হয়।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1