মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 21, 2022
6:11PM

ম্যানমাৰত সেনাবাহিনীৰ আক্ৰমণত ১১ টি শিশুকে ধৰি অতি কমেও ১৩ গৰাকী লোক নিহত

AIR
ম্যানমাৰত সেনাবাহিনীৰ হেলিকপ্টাৰযোগে আকাশ মাৰ্গেৰে চলোৱা আক্ৰমণত দেশখনৰ দেপেয়িন চহৰত ১১ টি শিশুকে ধৰি অতি কমেও ১৩ গৰাকী লোক নিহত হৈছে। ইউনিছেফে জানিবলৈ দিয়া মতে, এই আক্ৰমণৰ পাছত ১৫ গৰাকী লোক নিৰুদ্দেশ হৈ আছে আৰু বিদ্ৰোহীসকল সক্ৰিয় হৈ থকা ছাংগেই প্ৰান্তৰ এখন বিদ্যালয়ত হেলিকপ্টাৰযোগে গুলীবৰ্ষণ কৰে। ম্যানমাৰৰ সামৰিক চৰকাৰে কৈছে যে য লেট য়েট ক’ন গাঁৱৰ বিদ্যালয়ত আত্মগোপন কৰি থকা বিদ্ৰোহীসকলৰ বিৰুদ্ধে এই আক্ৰমণ চলোৱা হয়। বিদ্যালয়খনৰ নিম্ন প্ৰথমিকৰ পৰা মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায় বিলাকৰ মৃতদেহ সামৰিক বাহিনীৰ লোকে উদ্ধাৰ কৰে। 

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1