মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Jun 08, 2023
7:27PM

ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাত পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ: ৰাষ্ট্রপতি

File Photo
ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, ভাৰত এই দশকৰ শেষভাগলৈ বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাত পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ছাৰ্বিয়াৰ ৰাজধানী বেলগ্রেডত কালি এটা সমূহীয়া অভ্যর্থনা অনুষ্ঠানত ভাৰতীয় সম্প্রদায় আৰু ভাৰতৰ বন্ধুসকলক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে।
ভাৰতে বিভিন্ন ক্ষেত্ৰত লাভ কৰা প্ৰগতিত আলোকপাত কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, সমগ্র দেশত অভূতপূৰ্ব গতিৰে নতুন আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে আৰু ভাৰত ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰত পৰিগণিত হোৱাৰ দিশে বিশ্বাসেৰে আগবাঢ়িছে।
সমূহীয়া অভ্যর্থনা অনুষ্ঠানৰ আৰম্ভণিতে ওড়িশাৰ বালেশ্বৰৰ শোকাবহ ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ সদগতি কামনা কৰি ১ মিনিট মৌনতা অৱলম্বন কৰা হয় ।
বেলগ্রেডত আজি দুয়োখন দেশৰ উচ্চ পৰ্যায়ৰ ব্যৱসায়িক প্ৰতিনিধি দলৰ মাজত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। এই বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোত এছ'চেম, চি আই আই আৰু ফিক্কিৰ সদস্য আছে। ব্যৱসায়িক প্রতিনিধি দলটোক লৈ আস্থা প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে কয় যে, আলোচনাৰ পাছত বিভিন্ন ক্ষেত্ৰত ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধি পাব বুলি তেওঁ নিশ্চিত। ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু কালি ৩ দিনীয়া ভ্রমণসূচীৰে ছাৰ্বিয়াত উপস্থিত হয়। দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৰুচিকে তেওঁক নিক'লা টেলছা বিমান বন্দৰত আদৰণি জনায়। ইয়াৰ পাছতে ৰাষ্ট্ৰপতি মূমুৱে গান্দীজেৰ স্ট্রীটত থকা মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিত পুষ্পার্ঘ্য নিবেদন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু আজি ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি ৰুচিকৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। পাছত তেওঁ মাউন্ট অৱালাত অখ্যাত নায়কৰ স্মাৰকত পুষ্পার্ঘ্য নিবেদন কৰিব। ব্যৱসায়িক সুযোগৰ সম্ভাৱনা আৰু ভৱিষ্যৎ অন্বেষণ কৰিবলৈ দুয়ো দেশৰ ব্যৱসায় জগতক উদগনি যোগোৱাই ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ মূল উদ্দেশ্য।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1