ভাৰতৰ লক্ষ্য সেন থাইলেণ্ড অ'পেন বেডমিন্টন প্রতিযোগিতাৰ পৰা প্ৰতিযোগিতাৰ বাহিৰ হৈছে। লক্ষ্য সেনে আজি বেংককত অনুষ্ঠিত পুৰুষৰ ছিংগছৰ ছেমি ফাইনেলত থাইলেণ্ডৰ কে ভিটিউছনৰ হাতত ২১-১৭, ১৭-২১, ১৩-২১ গেমত পৰাভূত হয়। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত হংকঙৰ চি ৱাই লিয়ে ফ্ৰান্সৰ টি প’প’ভক ২১-১৪, ২১-১৬ গেমত পৰাভূত কৰে। ইপিনে, চীনৰ বি জে হি আৰু দক্ষিণ কোৰিয়াৰ এছ ৱাই এন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগল্ ছৰ ফাইনেলত প্ৰৱেশ কৰিছে।