মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Jun 02, 2023
9:18PM

ভাৰতৰ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন থাইলেণ্ড অ'পেনৰ পুৰুষ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ

File Photo
ভাৰতৰ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন থাইলেণ্ড অ'পেনৰ পুৰুষ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বেংককত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ২১ বছৰীয়া লক্ষ্যই মালয়েছিয়াৰ লিয়ং জুন হাওক ২১–১৯, ২১-১১ ফলাফলত পৰাস্ত কৰে। ইপিনে, ভাৰতৰ কিৰণ জর্জে প্ৰতিযোগিতাখনৰ পুৰুষ শাখাৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লৈছে। আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ টমা জুনিয়ৰ পাপভৰ বিৰুদ্ধে কিৰণ জৰ্জ পৰাজিত হয়। উল্লেখযোগ্য যে মহিলাৰ ছিংগলছত ছাইনা নেহৱাল তৃতীয় বাছনিপ্রাপ্ত তথা বিশ্বক্ৰমৰ পঞ্চম স্থানৰ খেলুৱৈ চীনৰ হি বিং জাৱৰ হাতত ১১-২১, ১৪–২১ গেমত পৰাভূত হয়। একেদৰে পুৰুষৰ ডাবলছত শীৰ্ষ বাছনিপ্ৰাপ্ত চিৰাগ ছেটী আৰু চাত্তিকছাইৰাজ ৰনকিৰেড্ডীৰ শীৰ্ষ বাছনিপ্রাপ্ত ভাৰতীয় যুটিটোও প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। দুবাৰকৈ অলিম্পিকত পদক অৰ্জন কৰা পি ভি সিন্ধু আৰু বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক দখল কৰা কিদাম্বি শ্রীকান্তেও প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1