মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Jun 08, 2023
8:14PM

বাক্সাত জিলা পৰ্যায়ৰ যুৱ মহোৎসৱ- ২০২৩ অনুষ্ঠিত

AIR
দেশৰ অন্যান্য অঞ্চলৰ লগতে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এখন স্নাতক মহাবিদ্যালয়ত জিলা পৰ্যায়ৰ যুৱ মহোৎসৱ- ২০২৩ অনুষ্ঠিত হয়। জিলা প্রশাসনে আয়োজন কৰা এই মহোৎসৱত ১০ খন মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে। সীমান্ত অঞ্চলৰ শিক্ষাৰ্থীৰ প্ৰতিভা বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আয়োজিত এই মহোৎৱসত চিত্রাংকন প্রতিযোগিতা, কবিতা লিখা প্রতিযোগিতা, ম'বাইল ফটোগ্রাফী প্রতিযোগিতা, বক্তৃতা প্রতিযোগিতা আদি অনুষ্ঠিত হয়। এই প্রতিযোগিতাসমূহত বিজয়ী শিক্ষার্থীসকলে জিলা পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। লগতে ৰাজ্যৰ পৰা জয়ী হোৱা প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1