মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 21, 2022
5:52PM

ফিফা বিশ্বকাপ ফুটবলৰ গ্রুপ-বিৰ এখন খেলত ইংলেণ্ড ইৰাণৰ সন্মুখীন হ'ব

FIFA
ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ আজি গ্রুপ-বিৰ এখন খেলত ইংলেণ্ড ইৰাণৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৬.৩০ বজাত খলিফা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে, নিশা ৯.৩০ বজাত অল থামামা ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া গ্রুপ এৰ এখন খেলত চেনেগাল নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
        উল্লেখযোগ্য যে কাটাৰৰ অল খৰৰ অল বায়ট ষ্টেডিয়ামত কালি গ্রেটেষ্ট শ্ব' অন আর্থ হিচাপে খ্যাত ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতা-২০২২ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। প্রতিযোগিতাৰ উদ্বোধনী খেলখনত কালি ইকুৱেডৰে আয়োজক দেশ কাটাৰক ২-০ গলৰ ব্যৱধানত পৰাজিত কৰে। এইবাৰৰ প্রতিযোগিতাত ৫টা অঞ্চলৰ ৩২খন দেশ খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হৈছে। প্ৰতিযোগিতাৰ সৰ্বমুঠ ৬৪ৰ খন খেল কাটাৰৰ ৮খন ষ্টেডিয়ামত খেলোৱা হ'ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1