মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 23, 2022
6:06PM

ফিফা বিশ্বকাপত মেক্সিকো আৰু পোলেণ্ডৰ লগতে ডেনমার্ক আৰু টিউনি ছাৰ মাজৰ খেল দুখন গলশূন্যভাৱে সমাপ্ত

File Photo
ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ যোৱা নিশা মেক্সিকো আৰু পোলেণ্ডৰ লগতে ডেনমার্ক আৰু টিউনি ছাৰ মাজৰ খেল দুখন গলশূন্যভাৱে সমাপ্ত হয়। কালিৰ আন এখন খেলত যোৱাবাৰ চেম্পিয়ন ফ্রান্সে নিজৰ প্ৰথমখন খেলত অষ্টেলিয়াক ৪-১ গলত পৰাজিত কৰাৰ বিপৰীতে চৌদি আৰবে আর্জেন্টিনাক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, আমেৰিকা আৰু ৱেলছৰ মাজত কালি অনুষ্ঠিত খেলখন ১-১ গলত ড্র’ হয়।
        প্রতিযোগিতাত আজি গ্রুপ-এফ-ৰ এখন খেলত মৰক্কো ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি ৩.৩০ বজাত অনুষ্ঠিত হ'ব। ইপিনে, গ্রুপ-ই-ৰ এখন খেলত আজি সন্ধিয়া ৬.৩০ বজাত জার্মানী, জাপানৰ মুখামুখি হ'ব। একেদৰে নিশা চাৰে ৯ বজাত গ্রুপ ই-ৰ আন এখন খেলত স্পেইন কোষ্টাৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিশা ১২.৩০ বজাত গ্রুপ ই-ৰ আন এখন খেলত কানাডাই বেলজিয়ামৰ বিৰুদ্ধে খেলিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1