মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Nov 24, 2022
7:15PM

ফিফা বিশ্বকাপত আজি ব্রাজিলে শক্তি প্ৰদৰ্শন কৰিব

File Photo
ফিফা বিশ্বকাপত আজি ব্রাজিলে শক্তি প্ৰদৰ্শন কৰিব। চৌদি আৰৱৰ বিৰুদ্ধে খেলি আর্জেণ্টিনা আৰু জাপানৰ বিৰুদ্ধে খেলি। জার্মানী পৰাস্ত হোৱাৰ পাছত আজি বিশ্ব ফুটবলৰ অন্যতম শক্তি ব্রাজিল খেল পথাৰত নামিব। দেশখনে নিশা চাৰে ১২ বজাত হ'বলগীয়া এখন খেলত ছাৰ্বিয়াৰ বিৰুদ্ধে খেলিব। বিশেষজ্ঞসকলে ব্রাজিলক এইবাৰ বিশ্বকাপৰ সম্ভাব্য বিজয়ী হিচাপে চিহ্নিত কৰিছে।
        প্রতিযোগিতাৰ পঞ্চম দিনটোত আজি দিনৰ ৩.৩০ বজাত হ'বলগীয়া প্ৰথমখন খেলত ছুইজাৰলেণ্ড, কেমেৰণৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ ৮০ মিনিটলৈ ছুইজাৰলেণ্ডে এটা গ'ল দিয়ে। আজিৰ দিনটোৰ দ্বিতীয়খন খেল সন্ধ্যা ৬.৩০ বজাত দক্ষিণ কোৰিয়া আৰু উৰুগুৱেৰ মাজত অনুষ্ঠিত হ'ব। আনহাতে, নিশা ৯.৩০ বজাত ইউৰো কাপ চেম্পিয়ন খ্ৰীষ্টীয়ান ৰ’নাল্ডোৰ নেতৃত্বৰ পর্তুগালে ঘানাৰ বিৰুদ্ধে খেলিব। ঘানাই ২০১৮ চনৰ পাছত প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলিব আৰু এয়া হ'ব দেশখনৰ চতুৰ্থখন বিশ্বকাপ প্রতিযোগিতা। আনহাতে, তাৰকা খেলুৱৈ খ্ৰীষ্টীয়ান ৰনাল্ডোয়ে পঞ্চমবাৰৰ বাবে বিশ্বকাপ খেলিব আৰু এইবাৰেই খেলুৱৈগৰাকীৰ শেষ বিশ্বকাপ হোৱাৰ সম্ভাৱনা আছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1