মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ            খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ            স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ            শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক            গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক           

Feb 01, 2023
5:37PM

পেছাৱৰৰ আত্মঘাটি বিস্ফোৰণত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি

AIR
পাকিস্তানৰ আফগানিস্তান সীমান্তৱৰ্তী পেছাৱৰৰ পুলিচ লাইন এলেকাৰ এটা মছজিদত হোৱা আত্মঘাটি বিস্ফোৰণত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি পাইছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে সোমবাৰে দুপৰীয়া নামাজৰ সময়ত হোৱা এই বিস্ফোৰণত কমেও ২২১ জন লোক আহত হৈছে। বিস্ফোৰণৰ সময়ত মছজিদৰ ভিতৰত ভালেসংখ্যক লোক আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। তেহৰিক এ তালিৱান পাকিস্তান নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহৱাজ শ্বৰীফে এই ঘটনাক গৰিহণা দিছে আৰু কৰ্তৃপক্ষসমূহক আহতসকলক উৎকৃষ্ট চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে এই আক্ৰমণৰ আঁৰত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1