মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 23, 2022
6:24PM

পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ১০ জন নেতাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

AIR
অসম আৰক্ষীয়ে কালি ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আই নামৰ সংগঠনটোৰ ১০ জন নেতাক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গ্ৰেপ্তাৰ কৰা পি আই এফ নেতাকেইগৰাকীয়ে সমগ্ৰ ৰাজ্যজুৰি সাম্প্রদায়িক বাতাবৰণ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল। গ্ৰেপ্তাৰ কৰা নেতাকেইগৰাকী আমিনুল হক, আব্দুল ৰেজ্জাক, ৰবিউল হুছেইন, নজৰুল ইছলাম ভূঞা, ৰফিকুল ইছলাম, আবু চামা আহমেদ, ফাৰহাদ আলী, খলিলুৰ ৰহমান, মুফটি ৰহমান উল্লা আৰু বজলুল কৰিম বুলি চিনাক্ত কৰা হৈছে। অসম আৰক্ষীয়ে এন আইৰ এৰ সহযোগত তেওঁলোকক ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা নেতাকেইগৰাকীয়ে ধৰ্মীয় সংখ্যালঘু ৰাইজক বিপথে পৰিচালিত কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অপচেষ্টা চলাইছিল। 

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1