মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 23, 2022
7:31PM

ধেমাজি জিলাত বীৰ লাচিতৰ জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যসূচীৰ ষষ্ঠ দিনা সমগ্ৰ জিলা উৎসৱমুখৰ পৰিৱেশ

File Photo
ৰাজ্যৰ বিভিন্ন জিলাসমূহত বীৰ লাচিতৰ ৪০০ সংখ্যক জয়ন্তী উদযাপনৰ কাৰ্যসূচী যোৱা ১৮ নৱেম্বৰৰ পৰা অব্যাহত আছে। ধুবুৰী জিলা প্ৰশাসনে আজি সীমান্ত চেতনা মঞ্চৰ সহযোগত এই উপলক্ষে এটা বিশাল সাংস্কৃতিক শোভাযাত্রা উলিয়ায়। কাইলৈ জিলাখনত আয়োজিত মূল অনুষ্ঠানত লাচিত বৰফুকন সন্দৰ্ভত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তৃতা দিব। এই অনুষ্ঠানতে ইতিমধ্যে অনুষ্ঠিত প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰো বিতৰণ কৰা হ'ব।
        শিৱসাগৰ জিলাত আজি এই উপলক্ষে হাফ মাৰাথনৰ আয়োজন কৰা হয়। ১৬ কিলোমিটাৰজোৰা এই দৌৰত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। ইপিনে, শিৱসাগৰ ১ নম্বৰ টাউন প্রাথমিক বিদ্যালয়ৰ সহযোগত বীৰ লাচিতৰ জয়ন্তী উপলক্ষে আয়োজিত চিত্র প্রদর্শনীত ছাত্ৰ-ছাত্ৰীসকলে অংকন কৰা অসমৰ ইতিহাস আৰু লাচিত বৰফুকন সম্পৰ্কীয় ছবি প্ৰদৰ্শন কৰা হয়।
        অসমৰ শৌর্য, বীৰ্য আৰু পৰাক্ৰমৰ প্ৰতীকস্বৰূপ বীৰ লাচিতৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত যোৱা ১৮ নৱেম্বৰৰ পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বীৰগৰাকীৰ আদৰ্শ আৰু সাহৰ গাঁথা সমাজৰ সকলো স্তৰলৈকে প্ৰসাৰ হ'ব পৰাকৈ ব্যাপক সজাগতামূলক প্ৰচাৰ কাৰ্যসূচীও চলাই থকা হৈছে। জিলাখনৰ উপায়ুক্ত নৰসিং পাৱাৰে কাইলৈ বীৰগৰাকীৰ স্মৃতিত শ্রদ্ধা জনাই তিনিচুকীয়াবাসীক নিজ বাসগৃহ, কার্যালয়, ব্যৱসায়িক প্রতিষ্ঠান আদিত বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে।
        ধেমাজি জিলাত বীৰ লাচিতৰ জয়ন্তী উপলক্ষে আয়োজিত কাৰ্যসূচীৰ ষষ্ঠ দিনা সমগ্ৰ জিলা উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হৈছে। আজি পুৱাৰ ভাগত ধেমাজি কাছাৰী ময়দানৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। একে সময়তে চিমেন চাপৰি চিলা পথাৰ, চিচিবৰগাঁও চাৰিআলি, জোনাই আদিত বাটৰ নাট পৰিৱেশন কৰা হয়। তদুপৰি জোনাই আৰু ধেমাজিত ক্রমে বিনামূলীয়া চিকিৎ‍সা শিবিৰ আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ অংশ হিচাপে মুকলি সভাত কেইবাগৰাকীও ব্যক্তিয়ে বক্তৃতা আগবঢ়ায়।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1