মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
8:15PM

টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাৰ হাতত ঘৰুৱা দল ভাৰত ৪৯ ৰানত পৰাস্ত

T-20
দক্ষিণ আফ্ৰিকাই কালি ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ঘৰুৱা দল ভাৰতক ৪৯ ৰানত পৰাস্ত কৰে। ভাৰতে ২২৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ দীনেশ কার্তিকে সৰ্বাধিক ৪৬ ৰান কৰাৰ বিপৰীতে দীপক চহৰে ৩১ ৰানৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ ডুৱেন প্ৰেটৰিয়াছে ৩টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্রিকাই প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ২২৭ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ ৰীলে ৰোসৌৱে অপৰাজিত শতক অৰ্জন কৰে। আনহাতে, কুইণ্টন ডি ক'কে ৬৮ ৰানৰ বৰঙণি আগবঢ়ায়। ৰীলে ৰোসৌৱক প্লেয়াৰ অব দা মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ সূৰ্যকুমাৰ যাদৱে প্লেয়াৰ অব দা ছিৰিজৰ সন্মান লাভ কৰে। ভাৰতে ২-১ ফলাফলেৰে এই তিনিখনীয়া শৃংখলা হস্তগত কৰে।
        ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত কাইলৈৰ পৰা তিনিখন এদিনীয়া খেল অনুষ্ঠিত হ'ব। ইয়াৰে প্ৰথমখন খেল কাইলৈ লক্ষ্ণৌত খেলোৱা হ'ব। দেওবাৰে ৰাঁছিত শৃংখলাৰ দ্বিতীয়খন আৰু ১১ অক্টোবৰত দিল্লীত তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1