মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ            খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ            স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ            শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক            গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক           

Feb 02, 2023
7:35PM

জি- টুৱেণ্টি শীৰ্ষক সন্মিলনৰ কাৰ্যসূচী হিচাপে আৰ্হি ৱাই-টুৱেণ্টি সন্মিলনৰ আয়োজন

AIR
মৰিগাওঁ জিলা প্ৰশাসন আৰু মৰিগাওঁ মহাবিদ্যালয়ৰ উদ্যোগত আজি মহাবিদ্যালয়খনৰ সভাকক্ষত জি- টুৱেণ্টি শীৰ্ষক সন্মিলনৰ কাৰ্যসূচী হিচাপে আৰ্হি ৱাই-টুৱেণ্টি সন্মিলনৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত ক্ৰীড়াৰ উন্নয়ন, দৰিদ্ৰতা আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত আলোচনা চক্র অনুষ্ঠিত হয়। এই আলোচনাত জিলাখনৰ ৭ খন মহাবিদ্যালয়ৰ প্ৰতিনিধিয়েক অংশ গ্ৰহণ কৰে। মহাবিদ্যালয়খনত পৰৱৰ্তী তিনিদিনলৈ এই কাৰ্যসূচী চলিব।
ইপিনে, গোৱালপাৰা মহাবিদ্যালয়ৰ উদ্যোগত আৰু জিলাখনৰ প্ৰশাসনৰ সহযোগত আজি ৱাই-টুৱেণ্টি কাৰ্যসূচী হিচাপে গোৱালপাৰা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ভাৰত-চীনৰ সম্পৰ্ক বিষয়ক এখন আলোচনা চক্র অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসম লোকসভা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া ব্রিগেডিয়ৰ ৰঞ্জিত বৰঠাকুৰে আলোচক হিচাপে অংশগ্ৰহণ কৰে।
ধুবুৰী জিলাত আজি ৱাই-টুৱেণ্টি বৈঠকৰ সৈতে সংগতি ৰাখি জিলাখনৰ ভোলানাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত বিভিন্ন মহাবিদ্যালয়ৰ ১৩ টা দলে অংশগ্ৰহণ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1