মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
8:39PM

জম্মু-কাশ্মীৰৰ পৰা যিকোনো প্ৰকাৰে সন্ত্ৰাসবাদক উৎখাট কৰাত গুৰুত্ব আৰোপ গৃহমন্ত্ৰী অমিত শ্বাহৰ

File Photo
কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পাকিস্তানৰ সৈতে কোনোধৰণৰ আলোচনাৰ সম্ভাৱনা নুই কৰি কৈছে যে, মোদী চৰকাৰে অকল জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ সৈতেহে আলোচনা কৰিব। তেওঁ লগতে জম্মু-কাশ্মীৰৰ পৰা যিকোনো প্ৰকাৰে সন্ত্ৰাসবাদক উৎখাট কৰাত গুৰুত্ব আৰোপ কৰে। উত্তৰ কাশ্মীৰৰ বাৰামুল্লা চহৰৰ এখন বিশাল জনসভাত ভাষণ দি গৃহ মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্রীশ্বাহে কয় যে, কংগ্ৰেছ, নেচনেল কনফাৰেন্স আৰু পিপলছ ডেমক্রেটিক পাৰ্টী-পি ডি পিয়ে যোৱা ৭৫ বছৰত জম্মু-কাশ্মীৰক ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল। শ্রীশ্বাহে কয় যে, ভূতপূর্ব মুখ্যমন্ত্রীদ্বয় নেচনেল চনফাৰেন্সৰ ডাঃ ফাৰুক আব্দুল্লা আৰু পি ডি পি নেতা মেহবুবা মুফটি এই অঞ্চলৰ লোকসকলৰ দুঃখজনক অৱস্থাৰ বাবে জগৰীয়া৷ তেওঁ কয় যে, মোদী চৰকাৰে কাশ্মীৰত বিকাশাত্মক আৰু ঔদ্যোগিক পৰিবৰ্তন সাধন কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, যোৱা ৭৫ বছৰত কংগ্ৰেছ, নেচনেল কনফাৰেন্স আৰু পি ডি পিয়ে জম্মু-কাশ্মীৰত মাত্ৰ ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিছিল, কিন্তু মোদী চৰকাৰে যোৱা কেইটামান বছৰতে ৫৬ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ সক্ষম হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1