মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 11, 2021
6:21PM

কোৱিড-১৯ ত আক্ৰান্ত হোৱা ৬০ ৰ ঊৰ্ধৰ ব্যক্তি কোৱিড কেয়াৰ চেণ্টাৰলৈ অহাটো বাধ্যতামূলক

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই কালি কোৱিড পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়। চিকিৎসা মহাবিদ্যালয়খনত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, আৰক্ষী আয়ুক্ত, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধীক্ষককে ধৰি অন্যান্য বিষয়াবৰ্গৰ সৈতে কোৱিড পৰিস্থিতি সন্দৰ্ভত ড০ শৰ্মাই পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই সাংবাদিকক কয় যে কোৱিড-১৯ ত আক্ৰান্ত হোৱা ৬০ ৰ ঊৰ্ধৰ ব্যক্তিসকল এতিয়াৰে পৰা নিজ গৃহত আছুতীয়াকৈ থাকিব নোৱাৰিব। এনে বৰ্ষীয়ন ব্যক্তিসকল ক’ৰ’নাত আক্ৰান্ত হ’লে কোৱিড কেয়াৰ চেণ্টাৰলৈ অহাটো বাধ্যতামূলক হ’ব বুলি অধ্যক্ষ ডাঃ বৈশ্যই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। গুৱাহাটীৰ কোৱিড পৰিস্থিতি গোমা বুলি মন্তব্য কৰি ডাঃ বৈশ্যই কয় যে গুৱাহাটীৰ কণ্টেইনমেন জ’নৰ বিভিন্ন দিশসমূহো কালি মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰিছে। ৬০ ৰ ঊৰ্ধৰ কোৱিড আক্ৰান্ত ব্যক্তিসকল কেয়াৰ চেণ্টাৰলৈ আহিবলগীয়া বিষয়টো সন্দৰ্ভত অতি সোনকালে নীতি-নিৰ্দেশনা জাৰি কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8