মুখ্য বাতৰি
মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিপট্টা বিতৰণ            উপলভ্য সম্পদৰ বিষয়ে জানিবলৈ গৱেষণাই হৈছে মূল চাবিকাঠি - সৰ্বানন্দ সোণোৱাল            ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্রীৰ কেইবাটাও নতুন প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা ও ভূমিপূজন কাৰ্যসূচী            বাৰাণসীত প্রধানমন্ত্ৰীৰ ১৩ হাজাৰ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন            সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অসমৰ প্ৰথমটো জয়           

Nov 24, 2022
7:23PM

কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ চাম্বা জিলাৰ পৰা কিছু অস্ত্ৰ-শস্ত্ৰ আৰু নগদ ধন উদ্ধাৰ জম্মু-কাশ্মীৰ আৰক্ষীৰ

File Photo
জম্মু-কাশ্মীৰ আৰক্ষীয়ে আজি কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ চাম্বা জিলাৰ পৰা কিছু অস্ত্ৰ-শস্ত্ৰ আৰু নগদ ধন উদ্ধাৰ কৰে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি, বিজয়পুৰৰ চান্নি মানহাচনৰ ওচৰত পোৱা এটা সন্দেহজনক টোপোলাৰ পৰা এইসমূহ উদ্ধাৰ কৰিছে। পৰিদৰ্শনৰ সময়ত আৰক্ষীয়ে টোপোলাটোৰ পৰা এটা আই ডি, দুটা পিষ্টল, চাৰিটা মেগজিন, কেইবাটাও বেটাৰী, এটা ঘড়ী আৰু নগদ ৫লাখ টকা উদ্ধাৰ কৰে।
        চাম্বাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চুৰিন্দ্ৰৰ চৌধুৰীয়ে কয় যে অস্ত্ৰ-শস্ত্ৰসমূহ জম্মু-কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ চলোৱাৰ বাবে পাকিস্তানৰ পৰা ড্ৰোণেৰে পেলোৱা হৈছে। কাৰ্যালয়ৰ সূত্ৰই জনোৱা মতে এলেকাটোত উক্ত সময়ছোৱাত ড্ৰোণৰ গতিবিধি দেখা পোৱা গৈছিল।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1