মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 20, 2022
7:05PM

কাঠমাণ্ডুত অনুষ্ঠিত চাফ মহিলা ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলত বাংলাদেশৰ হাতত নেপাল ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত

Sports
কাঠমাণ্ডুত অনুষ্ঠিত চাফ মহিলা ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলত কালি বাংলাদেশে নেপালক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ দখলেৰে ইতিহাস ৰচনা কৰে। খেলৰ আৰম্ভণিতে বাংলাদেশৰ তাৰকা খেলুৱৈ চিৰদজাহান স্বপ্নাই আঘাতপ্রাপ্ত হোৱা পিছতে দলটো চামছুন নাহৰে প্ৰথমটো গ’ল দিয়ে। তাৰ পাছত কৃষ্ণাৰাণী সৰকাৰে দিয়া আন দুটা গ’লেৰে বাংলাদেশে চাফ ফুটবল প্রতিযোগিতাত বিজয়ীৰ সন্মান অর্জন কৰিবলৈ সমর্থ হয়। প্রতিযোগিতাত বাংলাদেশৰ অধিনায়ক চৰিনা খাতুনে ৫খন খেলত সর্বাধিক ৮ টা গ’ল দি প্রতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। বাংলাদেশৰ দলটোক ফেয়াৰ প্লে পুৰস্কাৰো আগবঢ়োৱা হয়। অধিনায়ক চাৰিনাই প্রতিযোগিতাৰ টফ্ৰী দেশৰ জনসাধাৰণৰ নামত উৎসৰ্গা কৰে। ইফালে বাংলাদেশৰ গল ৰক্ষক ৰূপ্না চাকমাক শ্ৰেষ্ঠ গ’ল ৰক্ষক হিচাপে ঘোষণা কৰা হয়। তেওঁ প্ৰতিযোগিতাত বাংলাদেশৰ বিৰুদ্ধে হোৱা অধিকাংশ গ’ল ৰক্ষা কৰাৰ বিপৰীতে দলটোৰ বিৰুদ্ধে আন দলসমূহে কেৱল এটাহে গ’ল দিবলৈ সমৰ্থ হয়।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1