মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 13, 2021
6:28PM

কাইলৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ উদযাপন কৰা হ’ব

সমগ্ৰ দেশৰ লগতে অসমতো কাইলৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ উদযাপন কৰা হ’ব। কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সভাপতি আলহাজ মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক ইমদাদ হুছেইনে জনোৱামতে ভাৰতবৰ্ষৰ কোনো স্থানৰ পৰা জোন দেখা নোপোৱাৰ বাবে কাইলৈহে ঈদ উদযাপন কৰা হ’ব। ঈদ উদযাপনৰ সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। অৱশ্যে কোৱিড মহামাৰীৰ বাবে এইবেলি ঈদ উদযাপনৰ উৎসাহ কিছু ম্লান পৰা পৰিলক্ষিত হৈছে। সভাপতি গৰাকীয়ে জনসাধাৰণক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে কোৱিডৰ সকলো নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে কোৱিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঈদ-উল-ফিতৰৰ ৰাজহুৱা নামাজ বাতিল কৰা হৈছে। প্ৰশাসনে ইছলামধৰ্মী লোকসকলক ঘৰতে ঈদ পালন কৰিবলৈ আহ্বান জনাইছে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8