মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 09, 2022
7:03PM

এছিয় বক্সিং ছেম্পিয়নশ্বিপত ভাৰতৰ মুঠ ১২ গৰাকী বক্সাৰৰ ছেমি ফাইনেলত প্ৰৱেশ

File Photo
ভাৰতৰ মুঠ ১২ গৰাকী বক্সাৰে জৰ্দানৰ ৰাজধানী আম্লানত অনুষ্ঠিত এছিয় বক্সিং ছেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছেমি ফাইনেল খেলসমূহ আজি আৰম্ভ হ'ব। পুৰুষৰ ছেমি ফাইনেল খেলসমূহ কাইলৈ অনুষ্ঠিত হ'ব। মহিলাৰ ছেনি ফাইনেল পৰ্যায়ত ভাৰতৰ ৭ গৰাকীকৈ খেলুৱৈ অৱতীর্ণ হ’ব। টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা লাভলীনা বৰগোহাঁইয়ে আজি ৭৫ কিলোগ্রাম ওজন শাখাত ছেমি ফাইনেলত কোৰিয়াৰ ছেঅং ছুয়োনৰ বিৰুদ্ধে খেলিব। একেদৰে ৬৩ কিলোগ্রাম ওজন শাখাত পাৰবিনে মংগোলীয়াৰ উৰানবিলেগ ছিনেতছেতছেগৰ আৰু প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰীতিয়ে ৫৭ কিলোগ্রাম ওজন শাখাত ইৰী ছেনৰ বিৰুদ্ধে অবতীর্ণ হ'ব। মহিলাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'বলগীয়া বাকী ৪গৰাকী খেলুৱৈৰ ভিতৰত অংকুশিতা বড়ো, অল্ফিয়া পাঠান, ছুইটী আৰু মিনাক্ষী আছে।
        ইপিনে, পুৰুষৰ ৬৩.৫ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত শিৱ থাপা দুবাৰকৈ এছিয় বক্সিং ছেম্পিয়নশ্বিপত পদক বিজেতা তাজিকিস্তানৰ বখোদুৰ উছমোন’ভৰ সন্মুখীন হ'ব। একেদৰে ৯৭ কিলোগ্রাম ওজন শাখাত মহম্মদ হুছামুদ্দিন কাজাখস্তানৰ ছেৰিক টেমিজান’ভৰ মুখামুখি হ’ব। পুৰুষৰ ছেমি ফাইনেলত অংশগ্রহণ কৰিবলগীয়া আন ৩ গৰাকী ভাৰতীয় বক্সাৰ হৈছে-নৰেন্দ্ৰ, সুমিত আৰু গোবিন্দ কুমাৰ চাহানী। মহিলা শিতানৰ ফাইনেল শুকুৰবাৰে আৰু পুৰুষ শিতানৰ ফাইনেল শনিবাৰে অনুষ্ঠিত হ’ব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1