মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 08, 2022
7:22PM

এছিয় বক্সিং চেম্পিয়নশ্বীপত ভাৰতৰ সুমিত আৰু নৰেন্দৰে চেমি ফাইনেলত প্ৰৱেশ কৰি দেশৰ হৈ আৰু দুটা পদক নিশ্চিত

File Photo
জৰ্দানৰ আম্মানত চলি থকা এছিয় বক্সিং চেম্পিয়নশ্বীপত ভাৰতৰ সুমিত আৰু নৰেন্দৰে চেমি ফাইনেলত প্ৰৱেশ কৰি দেশৰ হৈ আৰু দুটা পদক নিশ্চিত কৰিছে। সুমিতে পুৰুষৰ ৭৫ কিলগ্রাম ওজন শাখাত থাইলেণ্ডৰ বৰবৰ্ন কাডামডুৱাক ৩-২ৰ ব্যৱধানত আৰু নৰেন্দৰে ৯২ কিল গ্রাম ওজন শাখাত ইৰানৰ, ইমান ৰামেজান্‌পৌৰদেলাভাৰক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাত ভাৰতৰ হৈ দ্বাদশটো পদক নিশ্চিত কৰে। পৰৱৰ্তী খেলত সুমিত অহা বৃহস্পতিবাৰে যোৱাবাৰৰ বিজয়ী উজবেকিস্তানৰ জাফাৰত হেইদজামহিদৰ সম্মুখীন হোৱাৰ বিপৰীতে নৰেন্দৰৰ প্ৰতিদ্বন্দ্বী বাচনি হ'বলৈ এতিয়াও বাকী আছে।
        ইপিনে, ৯২ কিলগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত নবীন কুমাৰে কাজস্তানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজয় বৰণ কৰে। ভাৰতৰ আন দুগৰাকী বক্সাৰ শশীন আৰু লক্ষ্য চহৰেও ক্ৰমে ৭১ আৰু ৮০ কিল গ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয়। পুৰুষৰ চেমিফাইনেল খেলসমূহ অহা বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব। ইফালে কাইলৈ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁঞিয়ে ৭৫ কিল গ্রাম ওজন শাখাত আৰু বিশ্ব চেম্পিয়নদ্বীপত ব্ৰঞ্জৰ পদক বিজয়ী পাৰবীন ৬৩ কিল'গ্রাম ওজন শাখাত ডেমি ফাইনেলত অবতীর্ণ হ'ব। উল্লেখযোগ্য যে, কাইলৈ ভাৰতৰ মুঠ সাত গৰাকী মহিলা বক্সাবে নিজ নিজ শাখাৰ ছেমি ফাইনেল খেলিব। অহা ১২ নৱেম্বৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1