মুখ্য বাতৰি
পিএফআই আৰু সহযোগী সংগঠনৰ বিৰুদ্ধে বে-আইনী কার্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰৰ            উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ সকলো মহিলাৰে সুৰক্ষিত আৰু বৈধ গর্ভপাত কৰাৰ অধিকাৰ আছে            জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটৰমনীক দেশৰ নতুন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি            জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত যোৱা ৮ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণ            চুৰাটত ৩,৪০০ কোটিৰো অধিক টকাৰে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ           

Sep 20, 2022
6:54PM

ইণ্ডোনেছিয়া, ইজিপ্ত, সংযুক্ত আমেৰি ৰাষ্ট্ৰ আৰু কিউবাৰ বিদেশমন্ত্ৰীসকলৰ সৈতে বৈঠক বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ

File Photo
বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে কালি নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ বৈঠকত ভাগ লোৱাৰ সুযোগতে ইণ্ডোনেছিয়া, ইজিপ্ত, সংযুক্ত আমেৰি ৰাষ্ট্ৰ আৰু কিউবাৰ বিদেশমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয়। ড০ জয়শংকৰে সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰৰ বিদেশ মন্ত্রী আব্দুলা বিন জায়েদ আলনাহায়নৰ সৈতে হোৱা বৈঠকত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ পৰ্যালোচনা কৰে। শ্ৰীজয়শংকৰে লগতে ইউ এ ইৰ বিদেশ মন্ত্ৰীগৰাকীৰ বিশ্ব জনীন পৰিস্থিতিৰ মূল্যায়ণ তথা এই সন্দৰ্ভত থকা অন্তদৃষ্টিৰ শলাগ লয়। বিদেশ মন্ত্ৰীগৰাকীয়ে ইণ্ডোনেছিয়াৰ বিদেশ মন্ত্ৰী ৰেটন’ মাৰচুদি সৈতেও পৃথকে বৈঠকত মিলিত হৈ দ্বিপাক্ষিক চুক্তি সংক্ৰান্তীয় বিষয়সমূহৰ আলোচনা কৰে। শ্ৰীজয়শংকৰে এঘাৰ দিনীয়া কাৰ্যসূচীৰে আমেৰিকা ভ্ৰমণলৈ যোৱাৰ লগতে ইজিপ্তৰ বিদেশ মন্ত্রী চামেহ চৌকৰীৰ সৈতে মিলিত হৈ দ্বিপাক্ষিক সহযোগিতাৰ মূল দিশ সন্দৰ্ভত মত বিনিময় কৰে। এটা টুইট বার্তাত শ্ৰীজয়শংকৰে কয় যে নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ তথা সেউজ হাইড্ৰজেন আৰু এম নিয়া তথা শিক্ষা আদি খণ্ডত বিদেশমন্ত্ৰীসকলৰ দ্বিপাক্ষিক চুক্তিসমূহৰ কাম-কাজ শক্তিশালীভাৱে অব্যাহত আছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1