মুখ্য বাতৰি
ঢকুৱাখনা মহকুমাধিপতিৰ কার্যালয়ত জিলা আয়ুক্তৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰাৰ বৈঠক            এছিয়ান গেমছৰ ছোৱালীৰ ডিংগী নাওচালনাত ভাৰতৰ নেহা ঠাকুৰৰ ৰূপৰ পদক লাভ            এক্ট ইষ্ট নীতিৰ জৰিয়তে অঞ্চলটোৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী পৰিভাষিত হৈছেঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং            গুৱাহাটীত নৱম ৰোজগাৰ মেলাৰ কাৰ্যসূচীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল            ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত প্রধানমন্ত্ৰী মোদীৰ নিযুক্তিপত্ৰ বিতৰণ           

Jun 05, 2023
7:03PM

ইউক্ৰেইনৰ এটা বৃহৎ আক্রমণ বিফল হোৱা বুলি ৰাছিয়াৰ দাবী

AIR
ৰাছিয়াই কৈছে যে, প্ৰতিৰক্ষা বলে দক্ষিণ ইউক্রেইনৰ ডনেস্ক অঞ্চলৰ পাঁচটা স্থানত ইউক্ৰেইনৰ এটা বৃহৎ আক্রমণ বিফল কৰিছে। এই অভিযানত ২৫০ টা সৈন্যবাহিনীৰ গোটক হত্যা কৰাৰ লগতে ১৬খন যুদ্ধৰ টেংক ধ্বংস কৰা হৈছে বুলি তেওঁলোকে দাবী কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এটা ভিডিঅ'ত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কেইবাখনো ইউক্ৰেইনৰ বাহন এখন পথাৰত বিস্ফোৰিত হৈ ভস্মীভূত হোৱা দেখা পোৱা গৈছে। ৰাছিয়াই কয় যে, ইউক্রেইনে কালি ৰাতিপুৱা দুটা যান্ত্ৰিক আৰু দুটা টেংক বেটেলিয়নৰ সহায়ত আক্ৰমণ কৰিছিল। অৱশ্যে ৰাছিয়াৰ এই দাবী সন্দৰ্ভত ইউক্রেইনে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1