মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
7:37PM

আজি বিজয়া দশমীঃ বিজয়া দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ

File Photo
আজি বিজয়া দশমী। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি যথা বিহিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি বিজয়া দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত বিসৰ্জন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই উপলক্ষে দেশৰ আন কোনো কোনো স্থানৰ লগতে অসমতো আজি বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বিধি অনুসৰি দশমী পূজা আজি দিনৰ ৯.৩০ বজাত আৰম্ভ হয়। দিনৰ ১ বজাৰ পাছত প্ৰতিমা বিসৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পূজা মণ্ডপৰ পৰা প্ৰতিমাসমূহ পৰম্পৰাগত ৰীতি-নীতিৰে বিসৰ্জনৰ বাবে লৈ যোৱা হৈছে।
        আজি প্ৰতিমা বিসৰ্জনৰ বাবে যান-বাহন আৰক্ষীয়ে নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি দিনৰ ১ বজাৰ পৰা বিসর্জন সম্পূর্ণ নোহোৱালৈকে যান-বাহন চলাচলৰ ক্ষেত্ৰত এই নির্দেশনা বাহাল থাকিব। চানমাৰিৰ ফালৰ পৰা জালুকবাৰীলৈ প্ৰতিমা কঢ়িওৱা বাহনৰ বাহিৰে কোনো বাহনকে এম চি ৰোডত প্ৰৱেশ কৰিবলৈ দিয়া নাব। এই যান-বাহনসমূহ জি এন বি পথেৰে যাব পাৰিব। প্রতিমা কঢ়িওৱা বাহনৰ বাহিৰে আন বাহনে জিলা পুথিভঁৰালৰ পৰা জি এন বি ৰোডেৰে কে এল বি ৰোডলৈ সোঁহাতে ঘূৰিব নোৱাৰিব। জালুকবাৰী আৰু ভৰলুমুখৰ ফালৰ পৰা চানামাৰি দিছপুৰলৈ যোৱা বাহনসমূহ এম জি ৰোডৰ এপল' পইণ্টৰ পৰা টি আৰ পি ৰোডেৰে আগবাঢ়ি এইছ বি ৰোড বা এ টি ৰোডেৰে যাব লাগিব। উজানবজাৰ, খাৰঘুলি আৰু নুনমাটিৰ ফালৰ পৰা অহা বাহনসমূহ জি এন বি বা তৈয়বুল্লা ৰোডেৰে যাব লাগিব।
        আনহাতে, আজি প্রতিমা বিসৰ্জনৰ সমান্তৰালভাৱে ঠায়ে ঠায়ে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় সাব্যস্ত কৰাৰ প্ৰতীক হিচাপে শ্ৰীশ্ৰীৰামচন্দ্ৰৰ বিজয় উৎসৱ, ৰাৱন দাহ পৰ্বৰো আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন ঠাইত আজি পৰম্পৰাগত ৰীতি-নীতিৰে দশেৰা উদযাপন কৰিবলৈ লোৱা হৈছে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। গুৱাহাটী মহানগৰীৰ নেহৰু ষ্টেডিয়ামতো আজি ৰাৱন দাহ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1