মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

Apr 18, 2021
6:17PM

আজি আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলচ, পাঞ্জাৱ কিংছৰ মুখামুখি

@cricket
আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন উত্তেজনাপূৰ্ণ খেলত মুম্বাই ইণ্ডিয়ানছে চানৰাইজাৰ্ছ হায়দৰাবাদক ১৩ ৰাণত পাৰজিত কৰে। ১৫১ ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা চানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত অ’ভাৰ শেষ হ’বলৈ ২টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে টছত জয়ী হৈ প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। পোলাৰ্ডে ২২ টা বলত ৩৫ ৰাণ আৰু কুইণ্টন ডি ককে ৩৯ টা বলত কৰা ৪০ ৰাণৰ বৰঙণিৰে মুম্বাইৰ দলটোৱে নিৰ্ধাৰিত ২০ অ’ভাৰত ৫টা উইকেটৰ বিনিময়ত ১৫০ ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ আদম মিলনে আৰু ক্ৰুনাল পাণ্ডিয়াই ৩ টাকৈ উইকেট দখল কৰাৰ বিপৰীতে চানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ হৈ মুজিবুৰ ৰহমান আৰু বিজয় শংকৰে ২৩টাকৈ উইকেট দখল কৰে। পোলাৰ্ডক প্লেয়াৰ অব দ্য মেছ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আন এখন খেলত দিল্লী কেপিটেলচ, পাঞ্জাৱ কিংছৰ মুখামুখি হ’ব।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8