মুখ্য বাতৰি
ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ প্রধানমন্ত্ৰীৰ            খানাপাৰাত স্থাপন কৰা সোণালী ৰেচম উদ্যান আৰু বাণিজ্যিক কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ            স্বচ্ছ ভাৰত অভিযানলৈ আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্রীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক প্ৰশংসা প্রধানমন্ত্ৰীৰ            শিলিগুৰিত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে জি-২০ পৰ্যটন কাৰ্যকৰী গোটৰ দ্বিতীয়খন বৈঠক            গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জি-২০ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কাৰ্যগোটৰ প্রথমলানি বৈঠক           

Jan 30, 2023
8:06PM

আজিৰে পৰা পঞ্চম খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ আৰম্ভ

@kheloindia
পঞ্চম খেল' ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ আজি সন্ধিয়া মধ্য প্ৰদেশত আৰম্ভ হ'ব। কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি সন্ধিয়া ৭ বজাত ভূপালৰ টিটি নগৰ ষ্টেডিয়ামত এই বিশাল ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় ক্রীড়া ৰাজ্যমন্ত্ৰী নীতিশ প্রামাণিক আৰু অন্যান্য অভ্যাগতসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে আয়োজিত খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়াত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ছহেজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। সমাৰোহত খেলুৱৈসকলে ২৭টা ক্রীড়া শিতানত আঢ়ৈশৰো অধিক সোণৰ পদকৰ বাবে নিজৰ সৰ্বোচ্চ উজাৰি দিব। ১৩ দিনীয়া খেলো ইণ্ডিয়া ক্রীড়া মহোৎসৱৰ বাবে প্ৰায় ১৩ হাজাৰ বিষয়া আৰু দুহেজাৰ স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে। অহা ১১ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশৰ ভূপাল, ইন্দোৰ, উজ্জয়নী, জববলপুৰ, গোৱালিয়ৰ, মান্দলা, বালাঘাট আৰু মহেশ্বৰ নগৰত এই ক্রীড়া মহোৎসৱৰ বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি ২০১৮ চনত পোনপ্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া অনুষ্ঠিত হৈছিল। সেই সময়ত ইয়াৰ নাম আছিল খেলো ইণ্ডিয়া স্কুল গেমছ।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1