মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 07, 2021
4:10PM

আজিৰে পৰা অসমত ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকক কোৱিড-১৯ৰ প্ৰতিষেধক প্ৰদান

DD NEWS
অসমত আজিৰে পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ সকলো লোকক কোৱিড-১৯ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। যোৱা ৫ মে’ত গুৱাহাটীত কিছুসংখ্যক লোকক প্ৰতীকিভাৱে প্ৰতিষেধক প্ৰদান কৰি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। ৰাজ্য চৰকাৰে এই বয়সৰ সকলো যোগ্য লোককে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।
        ইপিনে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্নত কোৱিড ব্যৱস্থাপনা নিশ্চিত কৰাৰ উদ্দেশ্যে উপায়ুক্তসকলক চিকিৎসালয়সমূহত নিয়মীয়াকৈ পৰিদৰ্শন কৰাৰ নিৰ্দেশ দিছে। কোৱিড-১৯ সদৃশ পৰিস্থিতিৰ সুযোগ লৈ কোনো অসাধু ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ মূল্যবৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কালি ৰাজ্যৰ কোৱিড-১৯ পৰিস্থিতি সম্পৰ্কত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে অন্যান্য বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰীয়ে সামগ্ৰিক ব্যৱস্থাৰ পৰ্যালোচনা কৰি এই কথা প্ৰকাশ কৰে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8