মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

Apr 15, 2021
6:13PM

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি

@cricket
চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে চানৰাইজাৰ্ছ হায়দৰাবাদক ৬ ৰাণত পৰাস্ত কৰে। ১৫০ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি চানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৪৩ ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৪৯ ৰাণ সংগ্ৰহ কৰে। বাংগালোৰৰ হৈ গ্লেন মেক্সৱেলে ৪১ টা বলত ৪৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ২৯ টা বলত ৩৩ ৰাণ কৰে। হায়দৰাবাদৰ হৈ জেচন হলদাৰে ৩ টা উইকেট দখল কৰে। ইয়াৰ আগেয়ে চানৰাইজাৰ্ছ হায়দৰাবাদে টছত জিকি প্ৰথমে ফিল্ঢিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি হ’ব। খেলখন সন্দিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8