মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

Apr 17, 2021
7:21PM

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি

@cricket
আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি সন্ধিয়া ৭.৩০ বজাত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ’ব। কালি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত চেন্নাই ছুপাৰ কিংছে পাঞ্জাৱ কিংছক ৬ উইকেটত পৰাজিত কৰে। খেলখনত পাঞ্জাৱ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ১০৬ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শ্বাহৰুখ খানে ৩৬ টা বলত ৪৭ ৰাণৰ বৰঙণি আগবঢ়ায়। চেন্নাই ছুপাৰ কিংছৰ দীপক চাহাৰে ৪ টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত চেন্নই ছুপাৰ কিংছে ১৫ অ’ভাৰ আৰু ৪ টা বল খেলিয়েই ৪ টা উইকেটৰ বিনিময়ত সহজতে বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ মঈন আলীয়ে ৩১ টা বলত ৪৬ ৰাণ কৰাৰ লগতে ফাফ ডু প্লেছিচে ৩৩ টা বলত ৩৬ ৰাণ কৰি অপৰাজিত হৈ থাকে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8