মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 04, 2022
7:35PM

অহা ৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাটোত ভাৰতৰ জ্যেষ্ঠ ক্ৰিকেটাৰসকলক জিৰণি দিয়া হৈছে

File Photo (PTI)
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অহা ৬ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এদিনীয়া ক্রিকেট শৃংখলাটোত ভাৰতৰ জ্যেষ্ঠ ক্ৰিকেটাৰসকলক জিৰণি দিয়া হৈছে। অপেনাৰ শিখৰ ধাৱনে ভাৰতীয় দলটোক নেতৃত্ব দিব। শ্রেয়াছ আয়াৰক সহ অধিনায়কৰ দায়িত্ব দিয়া হৈছে। বেটছমেন ৰজত পাটিদাৰ আৰু পেছ বলাৰ মুকেশ কুমাৰে প্ৰথমবাৰলৈ দলত স্থান লাভ কৰিছে। দলত স্থান পোৱা বাকীসকল খেলুৱৈ হ'ল ঋতুৰাজ গাইকোৱাড়, শুভমন গিল, ৰাহুল ত্রিপাঠি, উইকেট কিপাৰ ঈশান কিষান আৰু সঞ্জু ছেমচন, শাহবাছ আহমেদ, শ্বাৰদুল ঠাকুৰ, কুলদীপ যাদৱ, ৰবি বিষ্ণই, মুকেশ কুমাৰ, অৱেশ খান, মহম্মদ ছিৰাজ আৰু দীপক চহৰ। উল্লেখযোগ্য যে, চলিত মাহৰ ৬, ৯ আৰু ১১ অক্টোবৰত ক্ৰমে লক্ষ্মৌ, ৰাচী আৰু নতুন দিল্লীত এদিনীয়া খেল তিনিখন অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-টুৱেন্টি বিশ্বকাপৰ পৰিপ্ৰেক্ষিতত দলৰ জ্যেষ্ঠ খেলুৱৈসকলক জিৰণি দিয়া হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1