মুখ্য বাতৰি
ডুন বিশ্ববিদ্যালয়ৰ তৃতীয় বাৰ্ষিক সমাৱৰ্তন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱৰ অংশগ্ৰহণ            প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী শিক্ষাৰ্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান            বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত আজি ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন            অসম মাষ্টাৰ্ছ এথলেটিক্স প্ৰতিযোগিতাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰণোজ পেগুৰ অংশগ্ৰহণ            বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ আজি আৰম্ভ           

Nov 23, 2022
7:36PM

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী, পদ্মশ্ৰী ইমৰাণ শ্বাহৰ আজি ৯০ সংখ্যক ওপজা দিন

File Photo
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইমৰাণ শ্বাহৰ আজি ৯০ সংখ্যক ওপজা দিন। এই উপলক্ষে আজি শিৱসাগৰ নগৰৰ ধাই আলিৰ সাহিত্যিকগৰাকীৰ বাসভৱনত বিশেষ কার্যসূচী অনুষ্ঠিত কৰি সাহিত্যিকগৰাকীক কিতাপৰ টোপোলা, গামোছা, ফুলৰ থোপা আদিৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা হয়। শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত জিলা সাহিত্য সভাৰ বিষয়ববীয়াকে ধৰি সাহিত্যিকগৰাকীৰ ভালেমান গুণমুগ্ধ উপস্থিত থাকে। ১৯৩৩ চনত শিৱসাগৰৰ ধাই আলিত জন্মগ্রহণ কৰা ইমৰাণ শ্বাহে নৱম শ্ৰেণীত থাকোতেই ১৯৫১ চনত তেওঁৰ প্রথম কাব্য সংকলন বনবাসী প্রকাশ পায়। ২০১২ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰা ৰামধেণু যুগৰ এগৰাকী অন্যতম শ্রেষ্ঠ গল্পকাৰ ইমৰাণ শ্বাহৰ ইতিমধ্যে ৮খন গল্প সংকলন, ১০খন উপন্যাস, দুখন প্রবন্ধ সংকলন, এখন জীৱনী আৰু কেইবাখনো সম্পাদিত গল্প সংকলনৰ উপৰি তিনিখন কাব্য সংকলন আৰু এখন গীতৰ গ্ৰন্থ প্ৰকাশ পাইছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1