মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

May 10, 2021
5:48PM

অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক কাইলৈ অনুষ্ঠিত

AIR
ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ অসম চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক কাইলৈ অনুষ্ঠিত হ’ব। বৈঠকত কোৱিড মহামাৰীৰ সৃষ্ট পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব। অসমৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰাৰ পিছত আজি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ড০ শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, অসমক দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ ভিতৰত অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সকলো প্ৰয়াস কৰা হ’ব। নিৰ্বাচনৰ সময়ত ভোটদাতা ৰাইজক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰতো নতুন চৰকাৰখনে কাম কৰি যাব বুলি তেওঁ প্ৰকাশ কৰে। সকলো সন্ত্ৰাসবাদী গোটক হিংসাৰ বাট ত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পৰেশ বৰুৱাক শান্তিৰ প্ৰক্ৰিয়ালৈ ঘূৰি আহিবলৈ আহ্বান জনায়। এন আৰু চি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সীমান্ত অঞ্চলৰ জিলাসমূহত পুনৰীক্ষণৰ কাম ২০ শতাংশ সম্পূৰ্ণ হোৱাৰ লগতে আন জিলাসমূহত ১০ শতাংশ সম্পূৰ্ণ কৰা হৈছে।
জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন চৰকাৰখনে বৰ্তমানৰ জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ বিষয়টো সমাধান কৰাৰ চেষ্টা কৰিব। 

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8