মুখ্য বাতৰি
২০২৬ চনৰ ভিতৰত লোকনিৰ্মাণ পথ বিভাগৰ কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ            ভাৰতৰ আজি জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ            গুজৰাট বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সমাপ্ত            আজি বিশ্ব এইডছ দিৱস            ফিফা বিশ্বকাপত আজি ক্ৰৱেছিয়া-বেলজিয়ামৰ বিৰুদ্ধে আৰু কানাডা-মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব           

Oct 05, 2022
8:07PM

অসমকে ধৰি দেশৰ ১১৫টা স্থানৰ অনুসন্ধানত চাইবাৰ ক্রাইমেৰে জড়িত ১৬ জন অভিযুক্তক গ্ৰেপ্তাৰ চি বি আইৰ

File Photo (PTI)
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে অসমকে ধৰি দেশৰ ১১৫টা স্থানত অনুসন্ধান চলাই চাইবাৰ ক্রাইমেৰে জড়িত ১৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰায় ১ কোটি ৮০ লাখ টকা আৰু প্ৰায় ডেৰ কিলোগ্রাম সোণ উদ্ধাৰ কৰিছে। দেশজুৰি বিয়পি পৰা আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ চাইবাৰ অপৰাধ উৎখাট কৰিবৰ বাবে চি বি আইয়ে চলোৱা এই অভিযানত কেইবাখনো ৰাজ্যৰ আৰক্ষীৰ লগতে আমেৰিকাৰ এফ বি আই, ইণ্টাৰপ'ল, কানাডা আৰু অষ্ট্ৰেলিয়াৰ আৰক্ষীয়েও অংশগ্রহণ তথা সহযোগিতা আগবঢ়াইছে।
        কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে দেশজুৰি চলোৱা অভিযানক অপাৰেচন চক্ৰ নাম দিছে। অসম, দিল্লী, পঞ্জাৱ, ৰাজস্থান, কর্ণাটক, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড় আৰু হাৰিয়ানাৰ আৰক্ষীয়ে অপাৰেচন চক্ৰৰ অংশীদাৰ হিচাপে সহযোগিতা আগবঢ়াইছে। ১১টা গোচৰৰ আঁত ধৰি চি বি আইয়ে ১৬ খন ৰাজ্যৰ ৮৭টা স্থানত অভিযান চলোৱাৰ লগতে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীয়ে আন ২৮টা স্থানত অভিযান চলায়। 
        তাৰ ভিতৰত অসম আৰক্ষীয়ে দুটা স্থানত, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ আৰক্ষীয়ে ৪টা স্থানত, পঞ্জাৱ আৰক্ষীয়ে দুটা স্থানত, চণ্ডীগড় আৰক্ষীয়ে তিনিটা স্থানত, দিল্লী আৰক্ষীয়ে ৫টা স্থানত আৰু কৰ্ণাটক আৰক্ষীয়ে ১২টা স্থানত অভিযান চলায়। এই অভিযানত ১ কোটি ৮০ লাখ টকা আৰু প্ৰায় ডেৰ কিলোগ্রাম সোণ জব্দ কৰাৰ লগতে পুনে আৰু আহমেদাবাদত থকা দুটা কল চেণ্টাৰ উৎখাত কৰা হয়। তদুপৰি অভিযানকাৰী দলসমূহে ম'বাইল, লেপটপকে ধৰি চাইবাৰৰ অপৰাধেৰে জড়িত ডিজিটেল সাক্ষ্য প্ৰমাণো উদ্ধাৰ কৰিছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1