মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

Jun 02, 2021
6:54PM

শিক্ষামন্ত্ৰীয়ে আজি গুৱাহাটীত বিনামূলীয়া পাঠ্যপুথি কঢ়িয়াই নিয়া বাহনৰ শুভাৰম্ভ কৰে

শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ বোন্দাত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি কঢ়িয়াই নিয়া বাহনৰ শুভাৰম্ভ কৰে। আজিৰেপৰা ৰাজ্যৰ ৩৪ খন জিলাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ১২ লাখ ৯৬ হাজাৰ ৬৩৬ খন পাঠ্যপুথি বিতৰণ কৰা হ’ব। আজি পুৱা ডিব্ৰুগড়, ধেমাজি, বঙাইগাঁও, নলবাৰী আৰু চিৰাং জিলাক এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হয়। অন্য জিলাসমূহেও অতি সোনকালে বিনামূলীয়া পাঠ্যপুথি লাভ কৰিবলৈ সক্ষম হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। বোন্দাৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ চৌহদৰ পৰা এই বাহনখনৰ শুভাৰম্ভ অনুষ্ঠানত ছেবাৰ অধ্যক্ষ আৰ চি জৈন, মাধ্যমিক শিক্ষাৰ সঞ্চালক ফনীন্দ্ৰ জিদুঙৰ লগতে কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8