মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

Jun 02, 2021
6:52PM

ৰাজ্যত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৮৬ দশমিক ৫-১ শতাংশলৈ বৃদ্ধি

AIR
ৰাজ্যত কোৱিডৰ পৰা আৰোগ্যৰ হাৰ ৮৬ দশমিক ৫-১ শতাংশৈল বৃদ্ধি পাইছে। ৰাজ্যখনত কালি ৪ হাজাৰ ৯৯২ জন কোৱিড ৰোগী সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘূৰি গৈছে। ইয়াকে লৈ বৰ্তমানলৈকে ৰাজ্যখনত সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৩ লাখ ৫৯ হাজাৰ ৮ শ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে কালিৰ দিনটোত ৪ হাজাৰ ৬৮২ জন লোক নতুনকৈ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। ইয়াৰে ভিতৰত ৪০৩ জন কামৰূপ মহানগৰ জিলাৰ। কালি ১ লাখ ১৫ হাজাৰ ৫১৩ টা নমুনা পৰীক্ষাৰ অন্তত ৪ দশমিক ০-৫ শতাংশৰ দেহত সংক্ৰমণ ধৰা পৰে। ৰাজ্যখনত সম্প্ৰতি ৫১ হাজাৰ ৩৩৩ জন সক্ৰিয় কোৱিড ৰোগী আছে। ৰাজ্যখন কালিৰ দিনটোত ৫১ জন লোকে এই ৰোগৰ ফলত প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যখনত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ হাজাৰ ৪১৬ হৈছেগৈ।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8