মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

Jun 02, 2021
6:50PM

চি বি এছ ইৰ এইবছৰৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল

File Photo
কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ড চমুকৈ চি বি এছ ইৰ এইবছৰৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি চি বি এছ ইয়ে বস্তুনিষ্ঠ নীতিৰ আধাৰত নিৰ্দিষ্ট সময়ত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰিব। লগতে কোনো শিক্ষাৰ্থীয়ে যদি যোৱা বছৰৰ দৰে পৰীক্ষাত অৱৰ্তীণ হ’ব বিচাৰে তেন্তে পৰিস্থিতি স্বাভাৱিক হ’লে চি বি এছ ইয়ে তেওঁলোকক এই সুবিধা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে। লগতে শ্ৰীমোদীয়ে কয় যে কোৱিড-১৯ য়ে বিদ্যায়তনিক সূচীখনৰ ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে এই পৰীক্ষাক লৈ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মনত অত্যাধিক উদ্বিগ্নতাৰ সৃষ্টি কৰিছিল। ইয়াৰ ফলত কোৱিডে সৃষ্টি কৰা চাপৰ লগতে পৰীক্ষা সংক্ৰান্তীয় চাপে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে হেঁচা দিয়া উচিত নহয়। ব্যাপক আলোচনামূলক প্ৰক্ৰিয়াৰ বিষয়টো উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে হোৱা আলোচনাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুকূল সিদ্ধান্ত উপনীত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা ২১ মে’ত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হৈছিল য’ত বিভিন্ন ৰাজ্যৰ শিক্ষামন্ত্ৰীসকলে ভাগ লৈছিল। বৈঠকত চি বি এছই পৰীক্ষা অনুষ্ঠিত কৰা বিভিন্ন বিকল্প সন্দৰ্ভত আলোচনা কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা মতামতো গ্ৰহণ কৰা হৈছিল। ইপিনে ভাৰতীয় বিদ্যালয় প্ৰমাণ পত্ৰ পৰিষদে ইয়াৰ অধীনৰ চলিত বছৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8