মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

Jun 02, 2021
6:49PM

ফ্ৰেন্স অপেনত ৰাফেল নাডাল পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

File Photo
যোৱাবাৰৰ চেম্পিয়ন ৰাফেল নাডাল ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। তৃতীয় বাচনিপ্ৰাপ্ত স্পেইনৰ নাডালে কালি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত অষ্ট্ৰেলিয়াৰ এলেক্সি পপিৰিনক ৬-৩, ৬-২, ৭-৬ ছেটত পৰাজিত কৰে। দ্বিতীয় ৰাউণ্ডত নাডাল ফ্ৰান্সৰ ৰিচাৰ্ড গাছকেটৰ সন্মুখীন হ’ব। বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ নভাক জকভিচো প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। নিজৰ খেলুৱৈ জীৱনৰ ১৯ সংখ্যক গ্ৰেণ্ড শ্লাম খিতাপ দখলৰ বাবে চেষ্টা চলোৱা জকভিচে আমেৰিকাৰ ছেণ্ড গ্ৰেনক ৬-২, ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰি প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত স্থান নিশ্চিত কৰে। ইয়াৰ আগেয়ে ছুইজাৰলেণ্ডৰ ৰ’জ’ৰ ফেডাৰাৰে উজবেকিস্থানৰ ডেনিছ ইষ্টমিনক ৬-২, ৬-৪, ৬-৩ ছেটত পৰাভূত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে।
ইপিনে মহিলাৰ ছিংগলছত বিশ্বৰ ১ নম্বৰ স্থানৰ এছলে বাৰ্টি আৰু পঞ্চম বাছনি প্ৰাপ্ত এলিনা শ্বিটলিনা প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অৱশ্যে ২৪ বাৰৰ বাবে প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা ভেনাছ উলিয়ামছ ৰাছিয়াৰ একাটেৰিনা এলেক্সজেণ্ড্ৰেভাৰ হাতত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8