মুখ্য বাতৰি
দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বৰ্তমান ২ কোটি ৫৮ লাখৰো অধিক পালি প্ৰতিষেধক মজুত            দেশত বৰ্তমানলৈকে কোৱিড প্ৰতিষেধকৰ ২৬ কোটি ৫৩ লাখতকৈও অধিক পালি প্ৰদান            দেশত কোৱিড আৰোগ্যৰ হাৰ ৯৬.০৩ শতাংশলৈ বৃদ্ধি            গৃহ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ সহযোগত হেল্প লাইন নম্বৰ মুকলি            দেশৰ প্ৰতিগৰাকী লোককে কোৱিড-১৯ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ; প্ৰধানমন্ত্ৰী মোডী           

Jun 02, 2021
6:21PM

চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত আজি সমগ্ৰ ৰাজ্যজুৰি বৰ্হিৰোগ সেৱা বৰ্জন

AIR
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁ কালি হোজাই জিলাৰ উদালিৰ এগৰাকী কৰ্তব্যৰত চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰি আছে আৰু এই ঘটনাত দোষী সাব্যস্ত হোৱাসকলক ৰেহাই দিয়া নহ’ব। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত ২৪ জন দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিছে। এই লোককেইজনৰ বিৰুদ্ধে অতি সোনকালে অভিযোগনামা দাখিল কৰা হ’ব।
ইপিনে, অসম চিকিৎসা সেৱা সংস্থাই এই ঘটনাৰ প্ৰতিবাদত আজি সমগ্ৰ ৰাজ্যজুৰি বৰ্হিৰোগ সেৱা বৰ্জন  কৰে। সংস্থাটোৱে এই ঘটনাৰ সৈতে জড়িত আটাইকেইজন দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত কৰি দ্ৰুত বিচাৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। সংস্থাটোৱে লগতে ৰাজ্যখনত সকলো ৰাজহুৱা চিকিৎসা কেন্দ্ৰত সশস্ত্ৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰিবলৈ দাবী জনাইছে। হোজাই জিলাৰ উডালিৰ এটা কোৱিড পৰিচৰ্যা কেন্দ্ৰত ভৰ্তি হোৱা এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এদল উত্তেজিত লোকে কালি চিকিৎসকগৰাকীক খেদি খেদি প্ৰহাৰ কৰাৰ লগতে পৰিচৰ্যা কেন্দ্ৰটোৰ দুৱাৰ-খিৰিকীৰ লগতে সা-সম্পত্তিয়ো বিনষ্ট কৰে। 
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আজি এই ঘটনাৰ বুজ লবলৈ লংকাৰ উদালিত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত দোষীয়ে শাস্তি পাবই বুলি মত প্ৰকাশ কৰিছে। আনহাতে আজি এই আক্ৰমণৰ  প্ৰতিবাদত চিকিৎসকসকলে ৰাজ্যৰ বহুকেইখন জিলাত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-19 Jun 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 36.6 25.3
মুম্বাই 33.0 25.0
চেন্নাই 35.4 28.6
কলকাতা 30.1 25.2
বাংগালুৰু 28.0 20.8