মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা            ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ            কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে            ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ            হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ           

Feb 22, 2021
6:05PM

চলিত বৰ্ষৰ শেষৰফালে কৰ্ণাটকত অনুস্থিত হ’ব দ্বিতীয় খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা

khelo India
দ্বিতীয় খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা চলিত বৰ্ষৰ শেষৰ ফালে কৰ্ণাটকত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি বাংগালুৰুত সংবাদ মাধ্যমৰ আগত এই বিষয়ে ঘোষণা কৰি কয় যে, ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ সহযোগিতাত দেশৰ সৰ্ববৃহৎ এই বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বাংগালুৰুত হ’বলগীয়া এই প্ৰতিযোগিতাত ২৫ বছৰ অনুৰ্ধৰ ৪ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। উল্লখযোগ্য যে, এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ অন্তৰ্ভুক্তিৰ বাবে খেলুৱৈ বাছনি কৰাৰো সম্ভাৱনা থাকে। যোৱা বছৰ ভূৱনেশ্বৰত প্ৰথমবাৰৰ বাবে খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিয়োগিতা অনুষ্ঠিত হৈছিল। এইবাৰ মল্লখম্ব আৰু যোগাসনক নতুনকৈ এই প্ৰতিযোগিতাত অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাই এই প্ৰতিযোগিতাৰ বাবে যথা সম্ভৱ সহযোগিতা আগবঢ়াব বুলি নিশ্চিত প্ৰদান কৰিছে। ইপিনে, কেন্দ্ৰীয় ক্ৰীড়া তথা যুৱ কল্যাণ মন্ত্ৰী ৰিজুজুৱে আজি ফিট বেংগালুৰু চৌহদত ৪ টা নতুন ক্ৰীড়া সুবিধা উদ্বোধন কৰিব। ৰিজিজুৰ সৈতে এই অনুষ্ঠানত সাংসদ তেজস্বী চুৰ্য্যও উপস্থিত থাকিব।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1