মুখ্য বাতৰি
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈৰ পৰা তিনিদিনীয়া সূচীৰে তেলেংগানা, তামিলনাডু, ওড়িশা, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ; ভ্ৰমণকালত ১ লাখ ৬ হাজাৰ কোটি ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন            অসম বিকাশ যাত্ৰা কাৰ্যসূচীৰ প্ৰথম তিনিদিনত বৰপেটা, কামৰূপ মহানগৰ জিলা তথা বৰাক উপত্যকাত ৩,২৬০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্রকল্প মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মুকলি            বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ডিজিটীয় উদ্ভাৱণৰ অন্বেষণ বিষয়বস্তুৰে বিশ্ব বন্যপ্ৰাণী দিৱস পালন            বিদেশ মন্ত্ৰী ড° এছ জয়শংকৰৰ কৃত্রিম বুদ্ধিমত্তা আৰু ডীপফেকৰ দৰে নতুন প্রযুক্তিসমূহৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈ আহিব পৰা সম্ভাব্য বিপদৰ প্ৰতি সকীয়নি            সমগ্ৰ দেশতে তিনিদিনীয়াকৈ পালছ পলিঅ' প্রতিষেধক প্রদান কাৰ্যসূচী আৰম্ভ           

Feb 10, 2021
6:12PM

বাজেটত ৰে’ল বিভাগৰ বাবে ১,১০,০০০ হাজাৰ কোটি টকাৰ আৱণ্টন

AIR
চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ৰে’ল বিভাগৰ বাবে অভিলেখ পৰিমাণৰ এক লাখ ১০ হাজাৰ কোটি টকাৰ আৱণ্টন দিয়াৰ প্ৰস্তাৱ দিছে। এইবাৰৰ বাজেটত ৰে’ল বিভাগৰ বাবে সৰ্বমুঠ ৩৭ হাজাৰ কোটি টকাতকৈও অধিক ধন আৱণ্টন দিয়া হৈছে আৰু ধনৰ এই পৰিমাণ চলিত বৰ্ষৰ বাজেট অনুমানৰ তুলনাত ৫৩ শতাংশৰ অধিক। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পূৰ্বাঞ্চলীয় আৰু পশ্চিমাঞ্চলীয় সুকীয়া মালবাহী কৰিডৰ অহা বছৰৰ জুন মাহৰ ভিতৰত কাৰ্যক্ষম হৈ উঠাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে ব্ৰডগজ ৰেলপথসমূহৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণৰ কাম ২০২৩ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰিছে। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1