মুখ্য বাতৰি
নতুন দিল্লীত ভাৰত-গ্ৰীচৰ প্ৰধানমন্ত্ৰীদ্বয়ৰ বৈঠক; দুয়ো দেশৰ দ্বিপাক্ষিক বাণিজ্য ২০৩০ চনৰ ভিতৰত দুগুণলৈ বৃদ্ধিৰ পোষকতা            ৰাজ্যত বেজালি তথা জৰা-ফুকা প্ৰতিৰোধৰ বাবে বিধানসভাত আছাম হিলিং (প্রিভেনচন অৱ এভিল প্ৰেক্টিচেছ) বিল-২০২৪ উত্থাপন            প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ ফেব্ৰুৱাৰীত ৰঙিয়া ৰে’ল সংমণ্ডলৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ আধাৰশিলা স্থাপন কৰিব            জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য সন্দৰ্ভত এটা যুটীয়া প্ৰকল্প ঘোষণা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল-জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ            প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ গুজৰাট আৰু উত্তৰ প্ৰদেশ ভ্রমণলৈ যাব           

Feb 02, 2021
5:23PM

বাজেটত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগতে চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ বাবে পুঁজি আবণ্টন

@loksabhatv
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি দাখিল কৰা বাজেটত অসমৰ উন্নয়নৰ বাবে কেবাটাও বিশেষ প্ৰস্তাৱ সন্নিবিষ্ট কৰিছে। বাজেট প্ৰস্তাৱ অনুসৰি অহা সময়ছোৱাত অসমে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ তথা উন্নয়নৰ বাবে বিপুল পৰিমাণৰ কেন্দ্ৰীয় পুঁজি লাভ কৰিব। বাজেটত অহা ৩ বছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ পুঁজিৰ আবণ্টন দিয়া হৈছে। এই সময়ছোৱাত ৰাজ্যত তেৰশ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম হ’ব আৰু ইয়াৰ বাবে বাজেটত ৩৪ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে। ইফালে, ৰাজ্যত চলি থকা ঘাইপথ উন্নয়নৰ কাম অধিক গতিশীল কৰিবলৈও বাজেটত প্ৰস্তাৱ কৰা হৈছে। আনহাতে, বৰ্তমান অব্যাহত থকা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবে বাজেটত ১৯ হাজাৰ কোটি টকাৰ অতিৰিক্ত আবণ্টন দিয়া হৈছে। এই বৃহৎ পুঁজিৰ আবণ্টনে দেশৰ সীমান্তৱৰ্তী ৰাজ্যখনৰ সৈতে মূল ভূখণ্ডৰ যোগাযোগ পূৰ্বৰ তুলনাত যথেষ্ট উন্নত কৰিব বুলি আশা কৰা হৈছে। 
        ইফালে, বাজেটত চাহ শ্ৰমিকৰ জীৱনৰ মান উন্নয়নত গুৰুত্ব দি অসম আৰু পশ্চিম বংগৰ চাহ শ্ৰমিকৰ কল্যাণমূলক আঁচনি ৰূপায়ণৰ বাবে আছুতীয়াকৈ এহেজাৰ কোটি টকাৰ আবণ্টন দিয়া হৈছে।

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1