মুখ্য বাতৰি
ওড়িশাৰ ৰেল দুৰ্ঘটনাৰ চি বি আই তদন্ত ঘোষণা            ওড়িশাৰ বাহানাগা ৰেল দুৰ্ঘটনাস্থলীত যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলি আছে; বুধবাৰৰ পৰা ৰেলপথছোৱাৰে পুনৰ ৰেল চলাচলৰ আশাঃ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ            কাইলৈ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে            ওড়িশাৰ ৰেল দুৰ্ঘটনাত আহত লোকসকলৰ চিকিৎসা সন্দৰ্ভত প্ৰধানমন্ত্রীৰ সৈতে মুখ্যমন্ত্রী নবীন পাটনায়কৰ বাৰ্তালাপ            হায়দৰাবাদত তৃতীয় জি-টুৱেন্টি স্বাস্থ্য কার্যগোটৰ বৈঠক আৰম্ভ           

Dec 09, 2020
5:06PM

সমগ্ৰ দেশতে খেলো ইণ্ডিয়াৰ এহেজাৰটা ক্ষুদ্ৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে চৰকাৰৰ আঁচনি গ্ৰহণ

File Photo
কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি কয় যে দেশৰ খেলুৱৈ আৰু ক্ৰীড়া সম্প্ৰদায়ৰ প্ৰতি সহায় তথা উৎসাহ-উদ্দীপনা আগবঢ়োৱাৰ উদ্দেশ্য চৰকাৰে ভালেমান নীতিৰ পৰিৱৰ্তন সাধন কৰাৰ লগতে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাই এই লোকসকলক অৱসৰ গ্ৰহণৰ পাছতো উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এফ আই চি চি আইৰ উদ্যোগত আয়োজিত দশম গোলকীয় ক্ৰীড়া শীৰ্ষ সন্মিলন, টাৰ্ফ -২০২০ ত ভাষণ দি শ্ৰীৰিজিজুৱে কয় যে সমগ্ৰ দেশতে খেলো ইণ্ডিয়াৰ এহেজাৰটা ক্ষুদ্ৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবেও চৰকাৰে আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে অৱসৰপ্ৰাপ্ত খেলুৱৈ আৰু ক্ৰীড়াবিদসকলে সংস্থাপন লাভ কৰাৰ লগতে দেশৰ ক্ৰীড়া সংস্কৃতিক উপযুক্ত গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ভূমিকা পালন কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
অনুষ্ঠানটোত ভাষণ দি অষ্ট্ৰেলিয়ান অলিম্পিক কমিটিৰ মুখ্য কাৰ্যবাহী বিষয়া মেট কেৰলে কয় যে অষ্ট্ৰেলিয়া আৰু ভাৰতে ক্ৰীড়াৰ গুৰুত্বক উপলব্ধি কৰি খেলুৱৈ সকলৰ সফলতাৰ লগতে সামগ্ৰিকভাৱে ক্ৰীড়াৰ সৈতে জড়িত সম্প্ৰদায়ৰ উন্নয়ন সাধনত বিশেষ গুৰুত্ব আৰোপ কৰিছে।  

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1