কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়েখেল’ইণ্ডিয়া আঁচনিৰ অধীনত পৰৱৰ্তী ৪ বছৰৰ বাবে ৫০০ খন ব্যক্তিগত ক্ৰীড়া অকাডেমিলৈউদ্গণিমূলক পুঁজি প্ৰদান কৰিব। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে শনিবাৰেএই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ দূৰণিবটীয়া আৰু দুৰ্গম অঞ্চলৰক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰি তেওঁলোকৰ ক্ৰীড়াৰ মান উন্নত কৰাৰ বাবে সাহায্যপ্ৰদানত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে সৰু সৰু অকাডেমিসমূহ চিনাক্ত কৰি খেলুৱৈসকলকপ্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ কয়।২০২০-২০২১ বিত্তীয় বৰ্ষৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰিবলৈ লোৱা এই সাহায্য পুঁজিৰঅধীনত অকাডেমিৰ দ্বাৰা খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদানেৰে মানসম্পন্ন পৰ্যায়লৈ উত্তৰণঘটোৱাৰ লগতে অকাডেমিত পৰ্যাপ্ত সংখ্যক প্ৰশিক্ষক, ক্ৰীড়া ক্ষেত্ৰ, আনুসাংগিকক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন আৰু ক্ৰীড়া বিজ্ঞান সুবিধা তথা কৰ্মচাৰীৰ নিয়োগতগুৰুত্ব দিয়া হ’ব। ২০২৮ বৰ্ষৰ অলিম্পিকৰ বাবেযোগ্যতা প্ৰদান কৰিব পৰাকৈ ১৪ টা ক্ৰীড়া বিষয় প্ৰথম পৰ্যায়ত বাছি উলিওৱা হ’ব।