মুখ্য বাতৰি
এছিয়ান খো খো চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতৰ মহিলা আৰু পুৰুষ দলৰ            ৰাহুল গান্ধীক বিতর্কিত মোদী উপাধি মন্তব্যৰ বাবে দোষী সাব্যস্ত আদালতৰ            মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত নিতু ঘনঘাছ, লাভলীনা বৰগোহাঁই, নিখাট জাৰিন আৰু ছুইটী বুৰা            ২০২৩ বৰ্ষৰ পদ্ম সন্মানসমূহ প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ            বিহাৰৰ ৰাজ্য গঠন দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ শুভেচ্ছা           

Sep 05, 2020
5:25PM

অসম চৰকাৰে অহা তিনিমাহৰ ভিতৰত স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনাৰ অধীনত ৰাজ্যখনৰ ২ লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰিব

File Photo
        অসম চৰকাৰে অহা তিনিমাহৰ ভিতৰত সংশোধিত স্বয়ম শীৰ্ষক স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনাৰ অধীনত ৰাজ্যখনৰ ২ লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰিব। বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যখনৰ উদ্যেমী যুৱক-যুৱতীসকলৰ আৰ্থিক সহায়ৰ বাবে সৰ্ববৃহৎ আত্ম সংস্থাপনৰ কেতবোৰ বিশেষ আঁচনিৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ সুযোগ প্ৰদান কৰিব বিচৰা হৈছে। তেওঁ কয় যে পহিলা ছেপ্তেম্বৰৰ পূৰ্বে পঞ্জীয়নভুক্ত আত্মসহায়ক গোট, কৃষি গোট অথবা উদ্যোগী গোটৰ প্ৰতিজন সদস্যক নিজৰ নিজৰ বেংক একাউণ্টত স্বয়ম আঁচনিৰ অধীনত ধন প্ৰদান কৰা হ’ব। তেওঁ কয় যে অহা ১৬ ছেপ্তেম্বৰত বিত্ত বিভাগে এই আঁচনিৰ কাৰ্য ৰূপায়ণৰ বাবে এটা প’ৰ্টেল মুকলি কৰিব আৰু এই প’ৰ্টেলত গোটসমূহে আৱেদন কৰিব লাগিব। হিতাধিকাৰী বাছনিৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে বাছনিভুক্ত গোটসমূহক ৩ দিনৰ প্ৰশিক্ষণ দিয়া হ’ব। অৱশ্যে এই ধন লাভ কৰিবলৈ প্ৰতিজন হিতাধিকাৰীয়ে কৃষি, ক্ষুদ্ৰ ব্যৱসায় অথবা ঠিকা আদি কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিব লাগিব। আৱেদনকাৰী হাইস্কুল শিক্ষান্ত উত্তীৰ্ণ হোৱাৰ লগতে ৪০ বছৰ বয়সৰ ভতৰৰ হ’ব লাগিব। এই আঁচনিখনক স্বাধীনোত্তৰ অসমৰ সৰ্ববৃহৎ যুৱ সবলীকৰণ আঁচনি বুলি সদৰি কৰি তেওঁ কয় যে হিতাধিকাৰীসকলক ১০ ৰ পৰা ২০ লাখ টকাৰ তৃতীয় শ্ৰেণীৰ ঠিকাৰ কামসমূহ দিয়াৰ ব্যৱস্থা কৰা হ’ব। 

   আনুসংগিক বাতৰি

লাইভ টুইটাৰ ফিড

সাম্প্ৰতিক বতৰ

As on-24 Nov 2021
মহানগৰ সৰ্বোচ্চoC সৰ্বনিম্নoC
দিল্লী 26.7 9.2
মুম্বাই 34.0 23.0
চেন্নাই 32.4 25.0
কলকাতা 30.9 20.7
বাংগালুৰু 29.8 20.1